Local, Vocal, Global

মাটিৰ তলত থকা কোটি টকীয়া অট্টালিকাৰ এখন বিলাসী চহৰ

ৱেব ডেস্ক: সমগ্ৰ বিশ্বতে যেতিয়া বিকাশৰ ঢৌ আৰম্ভ হৈছিল, তেতিয়া মানুহে বন্যপ্ৰাণী আৰু অন্যান্য সমস্যাৰ পৰা হাত সাৰিবলৈ মাটিত ঘৰ সাজিবলৈ আৰম্ভ কৰা দেখা গৈছিল।
ইয়াৰ পিছতেই উন্নয়নৰ গতিপথত মানুহে দুই-তিনি মহলীয়া ঘৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ বিকাশৰ যুগ আহিল, মানুহে বহুমহলীয়া অট্টালিকা নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে।
এই সকলোবোৰৰ মাজতেই বৰ্তমান এনে এখন চহৰ গঢ় লৈ উঠিছে য’ত কেৱল মুকলি মাটি আছে আৰু গোটেই চহৰখন মাটিৰ তলত অৱস্থিত, ইণ্টাৰনেটৰ পৰা আৰম্ভ কৰি বিদ্যুৎ আৰু মলৰ পৰা চুপাৰ মাৰ্কেটলৈকে সকলো উপলব্ধ এই বিলাসী চহৰ খনত

মাটিৰ তলত অৱস্থিত এই চহৰখন দক্ষিণ অষ্ট্ৰেলিয়াত আছে। এডিলেইড চহৰৰ পৰা কিছু কিলোমিটাৰ দূৰত্বত অৱস্থিত এই চহৰখনৰ নাম হৈছে কুবাৰ পেডি। আচলতে ইয়াত বিৰল ৰত্ন অপলৰ বহু খনি আছে। খনিৰ বাবে অহা শ্ৰমিকসকলে এই মাটিৰ তলৰ চহৰখনত থাকিবলৈ আৰম্ভ কৰিছিল। এই চহৰখনত নিৰ্মিত সমগ্ৰ ব্যৱস্থাটো কেৱল খননৰ কাম সহজ কৰি তুলিবলৈহে প্ৰস্তুত কৰা হৈছিল। এতিয়া ইয়াৰ মানুহবোৰ কেৱল ইয়াৰ মাটিৰ তলৰ ঘৰবোৰতহে বসবাস কৰি থাকে।

এই চহৰ খন স্থল, সাগৰৰ পাৰ আৰু পাহাৰত অৱস্থিত গাঁও বা নগৰৰ দৰে নহয়, এই চহৰখনৰ মাটিৰ তলত ঘৰ আৰু গীৰ্জাও আছে। একে সময়তে বাসিন্দাসকলৰ সুবিধাৰ্থে এই ভূগৰ্ভস্থ চহৰখনত মল, দোকান আৰু বিদ্যালয়ো আছে। এই খনিটোত কোঠাৰ পৰা মানুহৰ প্রয়োজনীয় বস্তুলৈকে বেছিভাগ বস্তু বনোৱাৰ কাম খনিৰ শ্রমিকসকলে কৰিছিল বুলি জানিব পৰা যায়৷
খনিৰ শ্ৰমিকসকলে মাটিৰ তলত নিৰ্মাণ কৰা কোঠাবোৰ সম্পূৰ্ণ সা-সজ্জা আৰু সকলো সুবিধাৰে সজ্জিত কৰা হৈছে। এই চহৰখনত ১৫০০ টা এনে ঘৰ আছে। এই চহৰখনৰ আকৰ্ষণ ইমানেই যে ইয়াত বহু হলিউডৰ চিনেমাৰ শ্বুটিংও কৰা হৈছে।
১৯১৫ চনত কুবাৰ পেডেত ওপালৰ খনন আৰম্ভ কৰা হয়। এইটো এটা মৰুভূমি অঞ্চল। সেয়ে এই চহৰৰ উষ্ণতা গ্ৰীষ্মকালত অতি উচ্চ হৈয়েই থাকে। একেদৰে শীতকালত এই অঞ্চলত অতি ঠাণ্ডা হয়। এনে বতৰৰ বাবে আগতে মানুহে ইয়াত বসবাস কৰিবলৈ বহুত অসুবিধাৰ সন্মুখীনো হৈছিল।
আচলতে গ্ৰীষ্মকালত এই অঞ্চলৰ উষ্ণতা ১২০ ডিগ্ৰী পৰ্যন্ত হয়। একে সময়তে শীতকালত তাপমাত্ৰা অতি কম। কুবেৰ পেডীতো বৰষুণৰ পৰিমাণ অতি কম
কুবাৰ পেডিলৈ গ’লে বহু ঠাইত মাটিৰ পৰা চিমনি ওলাই অহা দেখিব পৰা যায়। ইয়াৰ সমান্তৰালকৈ বহু ঠাইত সতৰ্কবাণীও দেখা যায়। সাৱধানে খোজ কঢ়ক এনেদৰে এই ফলকবোৰত লিখা আছে, নহ’লে আপুনি মাটিৰ ওপৰৰ পৰা পোনে পোনে কোনো কোঠা বা খালী আন্ধাৰ দ গাঁতত পৰিব পাৰে৷
কুবাৰ পেডিৰ মাটিৰ তলৰ ঘৰবোৰত ইণ্টাৰনেট আৰু বিদ্যুতৰ ব্যৱস্থা আছে। ইয়াত ৰাইজৰ খোৱাপানীৰ অভাৱ নাই। এই চহৰখনৰ এটাই অসুবিধা আৰু সেয়া হ’ল সূৰ্য্যৰ পোহৰ। মাটিৰ তলত থকাৰ বাবে মানুহে সূৰ্যৰ পোহৰৰ বাবে ওপৰলৈ আহিবলগীয়া হয়।
ইয়াৰ উপৰিও কুবাৰ পেডি ভ্ৰমণলৈ অহা পৰ্যটকৰ বাবে এখন আণ্ডাৰগ্ৰাউণ্ড হোটেলও আছে। ইয়াত এৰাতি থকাৰ বাবে পৰ্যটকে ১২ হাজাৰতকৈ অধিক টকা দিব লাগে। চহৰখনত ডাঙৰ ডাঙৰ আণ্ডাৰগ্ৰাউণ্ড ক্লাবোও আছে। এইবোৰত পৰ্যটকসকলে পুল গেম উপভোগ কৰিব পাৰে।
এনেদৰে এই মনোৰম চহৰ খনত ১৫০০ টাতকৈও অধিক ঘৰৰ পৰিয়ালে বসবাস কৰি আছে৷