মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ আহ্বান
অভয়াপুৰী,১৭নৱেম্বৰ : আৰক্ষীয়ে জ্ঞানদীপক প্ৰহাৰ কৰা আৰু নাজিৰাত সাংবাদিকক গুলিয়াবলৈ উদ্যত হোৱা সন্দৰ্ভত আৰক্ষীৰ আচৰণ সম্পৰ্কে বঙাইগাঁও জিলাৰ অভয়াপুৰীত অনুষ্ঠিত ৰাস উৎসৱত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীলৈ আহ্বান জনায় ।
লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, আৰক্ষী কোনো ভগৱানৰ অৱতাৰ নহয়। জনসাধাৰণহে নৰৰূপী নাৰায়ণ।মন্ত্ৰী আমোলাক যেনেকৈ আৰক্ষীয়ে চেল্যুট দিয়ে ঠিক তেনেকৈ আৰক্ষীয়ে জনসাধাৰণক নমস্কাৰ দি কথা পাতক। তেতিয়াহে আৰক্ষী আৰু জনসাধাৰণৰ ব্যৱধান আতৰি যাব। জনসাধাৰণ আৰক্ষীৰ প্ৰতি সহনশীল হব।
অসম নহয় গোটেই ভাৰতবৰ্ষৰ আৰক্ষীয়ে জনসাধাৰণৰ সহযোগিতা অবিহনে কেতিয়াও আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
আৰক্ষীৰ এনে অসহিঞ্চু আচৰন কংগ্ৰেছৰ দিনতে আহৰন কৰিছে। যেতিয়াৰ পৰা বিজেপি চৰকাৰে ৰাজ্য অথবা দেশত শাসনলৈ আহিছে তাৰ পিছৰে পৰা আৰক্ষীৰ আচৰন পৰিবৰ্তন ঘটিছে যদিও এতিয়াও কিছু বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আহিছে।
লগতে পঢ়ক:Massive fire breaks out in Cachar: কাছাৰৰ কালাইনত অগ্নিকাণ্ড