Local, Vocal, Global

মই আগতে অসহিষ্ণু আছিলো, অসমৰ শান্তনুৰ বাবে শান্ত-দয়ালু হৈছো

অসমৰ যুৱকৰ প্ৰেমত পৰাৰ তিনিটা বছৰ অতিক্ৰম কৰিলে কামাল হাছানৰ কন্যা শ্ৰুতি হাছানৰ৷ প্ৰেমত পৰাৰ তিনি বছৰ হ’ল৷ কিন্তু শ্ৰুতি হাছানে এই বিষয়ে সকলো ৰাজহুৱা কৰিছে। প্ৰেমিক শান্তনু নাৰায়ণক সংগী হিচাপে পোৱাৰ পিছত কমল হাছানৰ জীয়ৰীৰ জীৱন সলনি হৈছে। শান্তনুক ইমান ভাল পায় কিয় শ্ৰুতিয়ে৷ সেই কথা বিতংভাৱে বৰ্ণনা কৰিছে।

শ্ৰুতিয়ে কয় যে শান্তনু কেৱল প্ৰেমিক নহয়৷ আটাইতকৈ ভাল বন্ধু। দুয়োৰে মাজৰ বুজাবুজি গভীৰ। শ্ৰুতিয়ে কয় মই শুনিছোঁ যে ভাল মানুহৰ সংস্পৰ্শত ইতিবাচক পৰিৱৰ্তন হৈছে। এতিয়া মই মোৰ নিজৰ জীৱনক বুজি পাওঁ। শান্তনুৰ বাবেই মই ইমান শান্ত আৰু দয়ালু হৈ পৰিছো। মই আগতে অসহিষ্ণু আছিলোঁ।

শান্তনু অতি দয়ালু, শান্ত আৰু চিন্তাশীল। শ্ৰুতিয়ে তেওঁক অনুসৰণ কৰি নিজকে সংশোধন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। অভিনেত্ৰীগৰাকীয়ে প্ৰেমিকৰ প্ৰতি থকা ভালপোৱাক লৈ গৌৰৱ কৰে।

শ্ৰুতি সামাজিক মাধ্যমতো অতি সক্ৰিয়। শান্তনুৰ সৈতে বহু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে৷ দুয়োকে একেলগে দেখি ববহুতে শুভেচ্ছ জনায়।