ভাৰতৰ লগতে যুক্তৰাষ্ট্ৰ আমেৰিকাতো মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ

নিউজ ডেক্স,২৩ জুলাই : দ্ৰুত গতিত বৃদ্ধি পাইছে মাঙ্কিপক্সত আক্ৰান্তৰ সংখ্যা। অকল ভাৰততে নহয় যুক্তৰাষ্ট্ৰ আমেৰিকাতো বৃদ্ধি পাইছে মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ।
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে শিশুৰ দেহত চিনাক্ত কৰা হৈছে মাঙ্কিপক্স। স্বাস্থ্য বিষয়াসকলে শুক্ৰবাৰে এই তথ্য দিছিল।
কেলিফৰ্ণিয়াত এটা শিশুৰ দেহত এই ৰোগৰ লক্ষণ দেখা গৈছে।
ইফালে, শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত ঘটনা ২,৮০০ তকৈ ওপৰলৈ বৃদ্ধি হোৱাৰ বাবে প্ৰশাসনে মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱক ৰাজহুৱা স্বাস্থ্য জৰুৰী অৱস্থা হিচাপে ঘোষণা কৰিব নে নাই সেয়া বিবেচনা কৰি আছে।
এই বছৰএতিয়ালৈকে, ৬০ খনতকৈও অধিক দেশত ১৪,০০০ ৰো অধিক মাঙ্কিপক্সৰ ঘটনা প্ৰতিবেদিত হৈছে ।
ভাৰতৰ কেৰেলাত তিনিজনকৈ আক্ৰান্ত হৈছে মাঙ্কিপক্সত আৰু আফ্ৰিকাত পাঁচজনৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।