Local, Vocal, Global

ভোটগ্ৰহণৰ পাছত নিশা গেলেকীত এখন ৰহস্যজনক বাহন!

গেলেকী,২০ এপ্ৰিল : ভোটগ্ৰহণৰ পাছত নিশা এখন ৰহস্যজনক বাহন! ঘন্টাৰ পিছত ঘন্টা ধৰি EVM সহ বাহনৰ অৱস্থানক লৈ উত্তাল গেলেকী ।

নাজিৰা  বিধান সভা সমষ্টি এলেকাত ১২ নং যোৰহাট লোকসভা সমষ্টিৰ প্ৰায় নিয়াৰিকৈ সম্পন্ন হ’ বলৈ ধৰা নিৰ্বাচনী প্ৰক্ৰিয়াত হাতীপট্টিত সন্দেহজনক অৱস্থাত জনচক্ষুলৈ আহে অতিৰিক্ত ইভিএম।

AS04 AA 7848  নম্বৰৰ এখন বগা ৰঙৰ ব’লেৰ গাড়ীৰ চীটত চাৰিটাকৈ ইভিএম বহুৱাই ৰখা অৱস্থাত প্ৰায় দুই ঘণ্টাৰো অধিক সময় হাতীপটি হাইস্কুল ভোটকেন্দ্ৰৰ সমুখত গাড়ীখন ৰৈ থকাৰ বাবে স্থানীয় ৰাইজ আৰু ৰাজনৈতিক দলৰ কৰ্মীৰ মনত সন্দেহ হয়। ৰাইজে ইভিএম কেইটা কিয় ৰখা হৈছে আৰু  ইভিএম কেইটা কলৈ নিবলৈ বিচৰা হৈছে বুলি প্ৰশ্ন কৰাত গাড়ীখনত বহি থকা নিৰ্বাচনৰ জ’নেল বিষয়া দেৱাশীষ নন্দীয়ে কোনো উত্তৰ দিয়াত ব্যৰ্থ হয়। পৰিস্থিতিয়ে ক্ৰমাৎ উত্তেজণাৰ ৰূপ ধাৰণ কৰাত আৰক্ষীৰ লোক ঘটনা স্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

পাছত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বিষয়াসহ ইভিএম কেইটা নাজিৰা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়লৈ লৈ অনা হয়। ইফালে হাতীপটি হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ প্ৰিজাইডিং আৰু পোলিং বিষয়া সকল সেই সময়ত নাজিৰা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়লৈ বুলি উলটি অহাৰ বাবে প্ৰস্তত হৈ আছিল বুলি সদৰি কৰি কয় যে তেওঁলোকে বাহিৰত সংঘটিত ঘটনাৰ বিষয়ে অৱগত নাছিল।

এতিয়া প্ৰশ্ন হয় দেশৰ নিৰ্বাচন আয়োগৰ কঠোৰ বিধি উপেক্ষা কৰি ভোটগ্ৰহণৰ সময়-সীমা অতিক্ৰম কৰাৰ পাছত ইভিএম কেইটা অবাবত সময় নষ্ট কৰি কিয় এটা ভোটকেন্দ্ৰৰ সমুখত ঘণ্টা ঘণ্টা জুৰি আন্ধাৰৰ মাজত ৰাখি থোৱা হৈছিল? নাজিৰা জিলা নিৰ্বাচনী বিষয়াৰ পৰা এক সুদুত্তৰৰ অপেক্ষাত এতিয়া স্থানীয় সচেতন মহল।