Local, Vocal, Global

ভাইৰেল হ’বলৈ নকৰে কি? বাইকৰ টেংকত প্ৰেমিকাক বহুৱাই আৰক্ষীৰ আলহী হ’ল প্ৰেমিক

আজিকালি ভাইৰেল হ’বলৈ নকৰে কি? এইবাৰ প্ৰেমিকাক গাড়ীত তুলি ভাইৰেল হ’ল প্ৰেমিক-প্ৰেমিকা৷ অন্ধ্ৰ প্ৰদেশৰ ৰোমান্টিক যুটীয়ে এখন বাইকত উঠা দৃশ্যই সামাজিক মাধ্যত খলকনি লগাইছে৷

ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত ৰোমাণ্টিক প্ৰেমক-প্ৰেমিকাই বাইকত বহি থকা দেখা গৈছে। এই ভিডিঅ’টো তেওঁলোক অশ্লীল ইংগিত দিয়া দেখা যায়। এই ভিডিঅ’টোত যুৱকজনক বাইক চলাই থকা দেখা গৈছে। একে সময়তে, যুৱতীগৰাকীক বাইকটেংকৰ ওপৰত বহি তাইৰ প্ৰেমিকক আলিঙ্গন কৰা দেখা গৈছে।

এই ভাইৰেল ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ পিছত আৰক্ষীয়ে গুৰুত্ব আৰোপ কৰে। তথ্য অনুসৰি অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে আচৰিত ভাৱে বাইক চলাই থকা যুৱকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভিডিঅ’টোত যুৱতীগৰাকীক বাইকৰ টেংকত বহি থকা যুৱকজনক আলিঙ্গন কৰা দেখা গৈছে। যিটো তেওঁলোকৰ ওচৰলৈ যোৱা বাহনখনত থকা লোকসকলে কেমেৰাত বন্দী কৰিছিল।

বিশাখাপট্টনমৰ ষ্টীল প্লাণ্ট আৰক্ষীয়ে গোচৰ লৈ ব্যৱস্থা গ্ৰহণ কৰিছে যুৱকজনৰ বিৰুদ্ধে। ৰোমান্টিক দম্পতীহালৰ অভিভাৱকসকলক আৰক্ষী চকীলৈ মাতি আনি এই ঘটনাৰ বিষয়ে অৱগত কৰে। বিশাখাপট্টনমৰ আৰক্ষী আয়ুক্ত চি এইচ শ্ৰীকান্তে যান-বাহনৰ নিয়ম অনুসৰণ কৰিবলৈ আৰু আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে।