Local, Vocal, Global

বেয়া খবৰ, ২৯ ছেপ্টেম্বৰত খেল, লাভলীনাৰ নাকত আঘাত

নিউজ ডেস্ক : নাকৰ আঘাতৰ বাবে এয়কন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব নোৱাৰিব অসম কন্যা বক্সাৰ লাভলীনা বৰগোহাঁয়ে৷ নেচনেল গেমছ-২০২২ত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে লাভলীনা বৰগোঁহায়ে৷

কঠোৰ অনুশীলন কৰাৰ পাছতো ২৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে লাভলীনা বৰগোহাঁয়ে৷ প্ৰশিক্ষণৰ সময়ত নাকত আঘাত পাইছে চিকিৎসকে জিৰণি লোৱাৰ পৰামৰ্শ দিছে লাভলীনাক।

নেচনেল গেমছ ২০২২ৰ বাবে কঠোৰ অনুশীলন কৰিছিল লাভলীনাই। একপ্ৰকাৰ ক’বলৈ গ’লে নিশ্চিত পদক ৰ পৰা বঞ্চিত হ’ল অসম কন্যাগৰাকী৷