বিলাসীপাৰাৰ এখন মধ্য ইংৰাজী বিদ্যালয়ৰ পয়ালগা ছবি!

বিলাসীপাৰা,২৩মে’ : বিলাসীপাৰাৰ এখন মধ্য ইংৰাজী বিদ্যালয়ৰ পয়ালগা ছবি!বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ শিক্ষাৰ্থীৰ ।
বিলাসীপাৰাৰ গোৱৰ্দ্ধনপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত শালমাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ -ছাত্ৰী সকল। ক্ষুদ্ধ শিক্ষাৰ্থীসকলে এফালৰ পৰা দলিয়াই গৈছে মধ্যাহ্ন ভোজনৰ বাবে ব্যৱহৃত বাচন-বৰ্তন। কিয়নো বিদ্যালয়খনৰ প্ৰধান শিক্ষক জনে এবছৰৰ পৰা দিয়া নাই মধ্যাহ্ন ভোজন। মধ্যাহ্ন ভোজন বিচাৰিলেই ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা উলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ ক্ষুব্ধ শিক্ষাৰ্থী সকলৰ।
অন্য এক অভিযোগ অনুসৰি পূৰ্বে বিদ্যালয়খন শিক্ষাৰ্থীৰে ভৰি আছিল যদিও বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ মইমতালিৰ বাবেই সম্প্ৰতি বিদ্যালয়খনত হ্ৰাস পাবলৈ ধৰিছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। কিয়নো বিদ্যালয়খনত নাই কোনো শৈক্ষিক পৰিৱেশ। আন্ত:গাঁথনিৰ ধনৰো অপব্যবহাৰ কৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
এবছৰ ধৰি মধ্যাহ্ন ভোজন নিদিয়াৰ অভিযোগ সন্দৰ্ভত প্ৰধান শিক্ষকজনে প্ৰদান কৰে চালে বেৰে কবোৱা মন্তব্য। এবছৰ নহয়, বিদ্যালয়খনত দমকল বেয়া হোৱাৰ বাবেহে বিগত ১৫ দিনৰ পৰা মধ্যাহ্ন ভোজন দিব পৰা নাই বুলি অকপটে স্বীকাৰ কৰে প্ৰধান শিক্ষক জনে।
বিষয়টো সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ লগতে অবিভাবক সকলে হস্তক্ষেপ বিচাৰিছে বিভাগীয় বিষয়াৰ। বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উচিত তদন্ত কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ ঘুৰাই অনাৰ দাবী বিদ্যালয়খনৰ কণ-কণ শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলৰ।