বিদ্যালয়ৰ অধ্যক্ষক ধন দাবী কৰি গ্ৰেপ্তাৰ যুৱক

ধিং,২৩মে’ : বিদ্যালয়ৰ অধ্যক্ষক ধন দাবী কৰি গ্ৰেপ্তাৰ যুৱক । দাবী কৰা ধন নিদিলে আব্দুল কুদ্দুছৰ পুত্ৰক হত্যাৰ ভাবুকি আশ্ৰাফুল নামৰ যুৱকৰ ।
ধিঙত বিদ্যালয়ৰ অধ্যক্ষক হত্যাৰ ভাবুকিৰে ধন দাবী কৰি গ্ৰেপ্তাৰ যুৱক। বিগত কিছু দিন পূৰ্বে মৈৰাবাৰীৰ বৰথল দলৈগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুছক ফোনযোগে হত্যাৰ ভাবুকি দিয়াৰ লগতে ২ লাখ টকা দাবী কৰিছিল আশ্ৰাফুল ইছলামে। অধ্যক্ষ গৰাকীক হত্যা কৰিবলৈ ৫ লাখ টকাৰ চুপাৰি লাভ কৰিছিল বুলিও ফোনযোগে জনাইছিল আশ্ৰাফুল নামৰ যুৱকজনে। এদিনৰ ভিতৰত দাবী কৰা ধন নিদিলে আব্দুল কুদ্দুছক নাইবা তেওঁৰ পুত্ৰক হত্যাৰ ভাবুকি দিছিল ধিঙৰ ১ নং কান্দুলীমাৰিৰ আশ্ৰাফুল ইছলাম নামৰ এইজন যুৱকে।
উল্লেখ্য যে ভাবুকি প্ৰদান কৰাৰ এদিনৰ পিছতে অধ্যক্ষ আব্দুল কুদ্দুছৰ গাড়ীত অগ্নিসংযোগ কৰে অচিনাক্ত দুৰ্বৃত্তই। তাৰ পাছতে সমগ্ৰ ঘটনা সন্দৰ্ভত অধ্যক্ষ গৰাকীয়ে ধিং আৰক্ষী থানাত দাখিল কৰিছিল এজাৰৰ। আৰু এই এজাহাৰৰ ভিত্তিতে বুধবাৰে নিশাৰ ভাগত চুপাৰি কিলাৰ আশ্ৰাফুল ইছলামক গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে। সম্প্ৰতি ঘটনা সন্দৰ্ভত ধৃত আশ্ৰাফুলক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
লগতে পঢ়ক : বিলাসীপাৰাৰ এখন মধ্য ইংৰাজী বিদ্যালয়ৰ পয়ালগা ছবি!