বিদেশী চিনাক্ত কৰাৰ ভিত্তি বৰ্ষ ১৯৫১, খিলঞ্জীয়াৰ ভিত্তি বৰ্ষ ১৮২৬ হ’ব লাগিব
অসমৰ ভূমিপুত্ৰ তথা খিলঞ্জীয়া জনগোষ্ঠী কাৰ্বি, ডিমাছা, কুকী, মণিপুৰী জনগোষ্ঠীৰ জাতীয় সংগঠনে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে মহাসংঘই ছুপ্ৰিম কৰ্টত চলাই থকা ৫৬২/২০১২ নং গোচৰলৈ পূৰ্ণ সমৰ্থন জনাইছে। মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান বনাম ভাৰত চৰকাৰ ১৫১৪/২০১৯ নং নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টত চলি থকা গোচৰত সহযোগী গোচৰীয়া হিচাপে শপতনামা দি জড়িত হৈছে হিলছ ট্ৰাইবেল লীগৰ সভাপতি ছয়চিং ৰংপী আৰু সম্পাদক খৰচিং টেৰণ, কাৰ্বি ষ্টুডেন্ট এচোছিয়েশ্যনৰ সভাপতি বিজয় বে’, কাৰ্বি ষ্টুডেন্ট এণ্ড ইউথ কাউন্সিলৰ ভাপতি বিপুল টিছ’, কুকী নেচনেল এছেম্বলীৰ সভাপতি টংথাং টৌথাং, কুকী ষ্টুডেন্ট অৰ্গেনাইজেচনৰ সাধাৰণ সভাপতি লেনগিন চিংচন, ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ ডিফুছা, অসম মেইতেই আপুনবা লুপৰ সাধাৰণ সম্পাদক জয়বাবু সিংহ৷
আজি ডিফুৰ কাৰ্বি ষ্টুডেন্ট এচোছিয়েশ্যনৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদ মেলত উল্লিখিত জাতীয় সংগঠন কেইটাৰ নেতৃত্বই এক যুটীয়া প্ৰেছ টোকাত কয় যে অসমত বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ দেশৰ সংবিধান অনুসৰিয়েই ১৯৫১ হ’বই লাগিব। আন কোনো চন-তাৰিখ খিলঞ্জীয়া জনগোষ্ঠীসমূহে কেতিয়াও গ্ৰহণ বুলি স্পষ্ট ভাবে ঘোষণা কৰে। ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ (২০০৭) ভিত্তিত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা বিচাৰি মহাসংঘৰ সৈতে ছুপ্ৰিম কৰ্টৰ গোচৰত জড়িত হৈ আছে বুলিও উল্লেখ কৰে সংগঠন কেইটাই। খিলঞ্জীয়াৰ ভিত্তি বছৰ আন্তঃৰাষ্ট্ৰীয় নীতিৰ আধাৰত ১৮২৬ চন হ’ব লাগিব বুলিও দৃঢ়তাৰে কয়।
ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে দেশৰ সংবিধান অনুসৰি আৰু আন্তঃৰাষ্ট্ৰীয় নীতিৰ আধাৰত অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ন্যায়সঙ্গত ৰায় দান কৰিব বুলি সংগঠন কেইটা আশাবাদী আৰু ছুপ্ৰিম কৰ্টৰ ওপৰত আস্থা অটুট আছে বুলি কয়। যদিহে ছুপ্ৰিম কৰ্টে সংবিধান উলংঘা কৰি ৰায়দান কৰে তেন্তে খিলঞ্জীয়া জনগোষ্ঠী সমূহে বিষয়টো ৰাষ্ট্ৰসংঘলৈ নিবলৈ বাধ্য হ’ব বুলিও কয়।