Local, Vocal, Global

বিতৰ্কত নাহিদ আফ্ৰিন আৰু এটা বঁটা, বঁটাক লৈ দুই মেৰুত দুই মন্ত্ৰী,এতিয়া প্ৰশ্ন সমগ্ৰ বিতৰ্কৰ আঁৰত প্ৰকৃততে ভুল কাৰ?

ৱেব ডেস্কঃ- পুনৰ আন এক বিতৰ্কই গা কৰি উঠিছে অসমত। এইবাৰ গানৰ বঁটা বিতৰ্ক। গান গালে কোনোবাই আৰু বঁটা গ্ৰহণ কৰিলে আন কোনোবাই। ইতিমধ্যে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই বিতৰ্কই বিধানসভাৰ চৌহদ পালেগৈ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজলোৱা কণ্ঠশিল্পী নাহিদ আফ্ৰিন আনচাৰীয়ে সামাজিক মাধ্যমত বৰ্তমান এই বঁটাক কেন্দ্ৰ কৰি যথেষ্ট ট্ৰোলৰ সন্মুখীন হব লগা হৈছে। বৰ্তমান নাহিদৰ সপক্ষে তথা বিপক্ষে থিয় দিছে বিভিন্নজন মন্ত্ৰী-বিধায়কে। উল্লেখ্য যে সোমবাৰে গুৱাহাটী কলাক্ষেত্ৰত প্ৰদান কৰা হৈছিল অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা। কণ্ঠশিল্পী নাহিদ আফ্ৰিনে লাভ কৰিছিল ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা। এই বঁটা প্ৰদানৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ। কাৰণ নাহিদ আফ্ৰিনক যিটো গীতৰ বাবে বঁটা প্ৰদান কৰা হৈছে, সেই গীতটো নাহিদে গোৱা নাছিল। গীতটি গাইছিল ৰূপজ্যোতি দেৱীয়েহে। নিজানৰ গান ছবিখনৰ নীলাতে লুকা ভাকু গীতটিৰ বাবে নাহিদক এই বঁটা প্ৰদান কৰা হৈছিল।
বৰ্তমান এই বিতৰ্কক লৈ দুই মন্ত্ৰীৰ বিপৰীত ভাষ্য। মন্ত্ৰী পীয়ুষ হাজৰিকাই নাহিদ আফ্ৰিনে এই বঁটা ঘূৰাই দিব লাগে বুলি কোৱাৰ বিপৰীতে বঁটা ঘূৰাই দিব নালাগে বুলি মত প্ৰকাশ কৰিলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। যিখন গীতত যিটো গীতত কণ্ঠদান কৰাৰ বাবে বঁটা প্ৰদান কৰা হৈছিল নাহিদক, আচলতে বঁটা লাভ কৰা গীতটিত কণ্ঠদান কৰা নাছিল নাহিদ আফ্ৰিনে। এতিয়া প্ৰশ্ন হয় যদি গীতটিৰ লগত জড়িত নাছিল নাহিদ তেন্তে কিয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল নাহিদ আফ্ৰিনক। কাৰ ভুলৰ বাবে ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হব লগা হল শিল্পীগৰাকী। মন্ত্ৰী বিমল বৰাৰ মতে বিতৰ্কৰ ইয়াতে সামৰণি হব লাগে। পিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই বিতৰ্কৰ ইয়াতে সমাপ্তি বিচৰা নাই। সমগ্ৰ ঘটনা সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰিকাই দোষ জাপিলে নাহিদ আফ্ৰিন আৰু পৰিচালক আৰু প্ৰযোজকক। নাহিদ আফ্ৰিনৰ এই বঁটা প্ৰদানক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা উদীয়মান শিল্পীক উৎসাহ প্ৰদান নে নিৰুৎসাহ প্ৰদান একাংশৰ। নাহিদ আফ্ৰিনে সমগ্ৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত স্পষ্টীকৰণো দিয়ে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে চতুৰ্থদিনা এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে। তেওঁ কয় যে এইক্ষেত্ৰত নাহিদ আফ্ৰিনৰ কোনো ভুল নাই, ভুল জুৰী কমিটীৰ। নিমন্ত্ৰণী পত্ৰত চিনেমাখনৰ উল্লেখ আছে যদিও গানটোৰ উল্লেখ নাই। নাহিদ আফ্ৰিনে কোনো ভুল কৰা নাই। বৰ্তমানে সমগ্ৰ ঘটনাই লৈছে নতুন মোৰ। অৱশেষত ফিল্মী ষ্টাইলত অসমবাসীৰ ওচৰত ক্ষমা খুজিলে জুৰী সদস্যসকলে। তথা গানৰ নামটো লিখোতে খেলিমেলি হোৱাৰো কথাও স্বীকাৰ কৰে জুৰী বৰ্ডৰ চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈয়ে। এতিয়া যেন অসমখন চাৰ্কাছলৈহে পৰিণত হৈছে। কেতিয়াবা প্ৰশ্নকাকত ফাদিলৰ বিতৰ্ক, আন কেতিয়াবা গানৰ বিতৰ্ক।