Local, Vocal, Global

বিজেপিত যোগদান কৰিব উৰ্ফি জাভেদে, বিজেপি নেতাক ক’লে ‘I LOVE U’

উৰ্ফি জাভেদ। পোছাকৰ বাবে সদায়েই চৰ্চাত থাকে। ‘অশালীন’ কাপোৰৰ বাবে উৰ্ফিয়ে বিতৰ্কত থাকে৷ এইবাৰ বিজেপি নেতাক পোনপটীয়াকৈ এখন ফটো টেগ কৰি লিখিছে, ‘মই তোমাক ভাল পাওঁ।’

উৰ্ফিৰ মতে, ৰাজনৈতিক মিত্ৰতাত শত্ৰুতা সমাধান কৰিব পাৰি। গতিকে নেতাজনৰ সৈতে কথা পাতিবলৈ বিজেপিত যোগদান কৰাৰ কথা ঘোষণা কৰিছে। বিতৰ্ক এসপ্তাহ আগতে আৰম্ভ হৈছিল। শেহতীয়াকৈ উৰ্ফিয়ে ক্ষোভ প্ৰকাশ কৰি কৈছিল যে একো নকৰাকৈ আৰক্ষী থানালৈ মোৰ নাম নিয়া হৈছে। মহাৰাষ্ট্ৰ বিজেপি মহিলা মৰ্চাৰ সভাপতি চিত্ৰা ৱাগে শেহতীয়াকৈ উৰ্ফিক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল। চিত্ৰাই অভিযোগ কৰিছিল যে মডেল-তাৰকাগৰাকীয়ে মুম্বাইৰ ৰাজপথত নগ্নতাৰ প্ৰচাৰ কৰি আছে। ঘটনাটোত হতবাক হৈ উৰ্ফিয়ে দাবী কৰে যে ৰাজনৈতিক ব্যক্তিসকলৰ মন্তব্য শুনি কেতিয়াবা নিজকে শেষ কৰাৰ দৰে অনুভৱ কৰে!

ইয়াৰ মাজতে উৰ্ফিয়ে নতুন কাপোৰ পিন্ধি ফটো দিয়াৰ লগতে ছ’চিয়েল মিডিয়াত এটা বিবৃতিৰ পোষ্ট কৰিছে। চিত্ৰাৰ এখন ফটো পোষ্ট কৰি উৰ্ফিয়ে লিখিছিল, এই মহিলাগৰাকীৰ স্বামীক উৎকোচ লোৱা ধৰা পৰিছিল। তাৰ পিছত স্বামীক বচাবলৈ বিজেপিত যোগদান কৰিছিল। সঞ্জয়ে আগতে এনচিপিত থাকোতে ৰাঠৌৰৰ বিৰুদ্ধে মাত মাতিছিল। উৰ্ফিৰ ধেমেলীয়া উদ্ধৃতি। মই বিজেপিত যোগদান কৰাৰ কথাও ভাবি আছো। যাতে চিত্ৰাৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব পাৰি!