বাল্য বিবাহ-গৃহ কন্দল, মনস্তাত্ত্বিক সমস্যা নিৰাময়, কোকৰাঝাৰত বিশেষ কেন্দ্ৰ মুকলি

বিটিআৰ সদৰত আজি কোকৰাঝাৰত বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি কৰা হয়৷ কোকৰাঝাৰ চহৰৰ বিবেকানন্দ পথৰ হিন্দী স্কুলৰ সমীপত পৰামৰ্শদান কেন্দ্ৰ মুকলি কৰে বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ EM গৌতম দাসে৷ বিটিআৰৰ কোকৰাঝাৰকে ধৰি চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলাত অনুৰূপ কেন্দ্ৰ মুকলি কৰা হ’ব৷
কেন্দ্ৰত সমাজত হিংসাৰ বলি হোৱা শিশু, কিশোৰ-কিশোৰী, মনস্তাত্বিক নিৰাময়, বাল্য বিবাহ, গৃহ কন্দল, নিচাসক্ত দ্ৰব্য সেৱন, উদ্যোমী ব্যক্তি আৰু উচ্চ শিক্ষিত পৰিয়ালৰ আৰ্থিক সমস্যাকে ধৰি বিভিন্ন দিশত সামাজিক ন্যায় প্ৰদানৰ সেৱা প্ৰদান কৰা হ’ব৷ উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ বিজেপি পাৰিষদ ৰাজীৱ কুমাৰ ব্ৰহ্ম, বিটিআৰৰ যুটীয়া সচিব পামী ব্ৰহ্ম৷