বানপানীৰ পৰা পৰিত্ৰাণৰ বাবে জলপূজা নৈপৰীয়াৰ
ছিপাঝাৰ,১৬জুলাই : ছিপাঝাৰত বানপানীৰ পৰা পৰিত্ৰাণৰ বাবে জলপূজা নৈপৰীয়াৰ। চৰকাৰে ৰক্ষা কৰিব নোৱাৰাৰ বাবে নেদেখা জনেই যেন শেষ ভৰষা নৈপৰীয়াৰ।
ছিপাঝাৰৰ ঢোকাপাৰা আৰু দুৱৰীপাৰাৰ ননৈ পাৰত ৫ খনকৈ গাওঁৰ ৰাইজৰ পূজা অৰ্চনা। বছৰে বছৰে আহে বানে, নদীয়ে একেটা অঞ্চলতে বাৰে বাৰে চিগে মথাউৰি। উপায়ন্তৰ ৰাইজে বানৰ পৰা পৰিত্ৰাণ বিছাৰি শৰণাপন্ন হ’ল জল দেৱতাৰ। ছিপাঝাৰত ননৈ নদীৰ বাঢ়নী পানীয়ে প্ৰায় প্ৰতিবছৰে পশ্চিম দিশৰ মথাউৰিটো চিগি সৃষ্টি কৰি আহিছে ভয়াবহ বানৰ।
সেয়েহে বানত কোঙা হৈ পৰা পাঁচ-ছখনকৈ গাঁৱৰ ৰাইজে মিলি নৈৰ পাৰত আয়োজন কৰিলে জলপূজাৰ। জলদেৱতাক সন্তুষ্ট কৰি জল প্ৰলয়ৰ পৰা পৰিত্ৰাণৰ প্ৰয়াস এইসকল বানপীড়িতৰ। হাঁহ, পাৰ, কনী আদিৰ লগতে মাহ প্ৰসাদ ৰে জলদেৱতাক ৰাইজে কৰিলে পূজা-অৰ্চনা।
লগতে পঢ়ক : Girl Goes Missing From Dhemaji :ধেমাজিৰ বৰদলনিৰ নিৰুদ্দেশ হয় ৩ গৰাকী কিশোৰী