ফুটবলৰ মহাৰণত বৈ গ’ল তেজৰ নৈ, নিহত ১৭৪ লোক

ইণ্ডোনেছিয়াৰ পূব জাভা প্ৰদেশত এখন ফুটবল খেলৰ সময়ত সংঘটিত পদদলিত ঘটনাত কমেও ১৭৪ জন লোক নিহত আৰু ১৮০ জন আহত হৈছে। ইণ্ডোনেছিয়াৰ আৰক্ষীয়ে পূব জাভা এই ঘটনা সংঘটিত হোৱাৰ কথা কয়৷ আৰেমা এফ.চি আৰু পাৰচেবায়া সুৰাবায়া ক্লাৱৰ মাজত আছিল মেচ৷ মেচত পাৰচেবায়া সুৰাবায়া ক্লাৱ জয়ী হয়৷ কিন্তু আৰেমা এফ.চিৰ সমৰ্থকে খেলপথাৰত নামি তাণ্ডৱ আৰম্ভ কৰে৷
খেল সমাপ্ত হোৱাৰ পিছত পৰাজিত দলটোৰ সমৰ্থকসকলে খেলপথাৰত নামি আক্ৰমণ আৰম্ভ কৰে। আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে৷ দুৰ্ঘটনাটোত শ্বাসৰুদ্ধ হৈ পৰিছে বিশ্ব৷
স্থানীয় বাতৰি চেনেলসমূহৰ ভিডিঅ’ ফুটেজত দেখা গৈছিল যে মানুহে ষ্টেডিয়ামত দৌৰি গৈ মৃতদেহ কঢ়িয়াব লগা হৈছিল।
ইণ্ডোনেছিয়াৰ শীৰ্ষ লীগ বিআৰআই লীগ-১-এৰ খেলখনৰ পাছত এসপ্তাহৰ বাবে খেল নিষিদ্ধ কৰিছে। এই খেলখনত পাৰ্চেবায়া ই ৩-২ গ’লত জয়ী হয়। ইণ্ডোনেছিয়াৰ ফুটবল এছ’চিয়েশ্যনে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
ইণ্ডোনেছিয়াৰ খেলসমূহত এনেধৰণৰ বিতৰ্ক আৰু কাজিয়া অতীতত ঘটিছিল। ফুটবল ক্লাববোৰৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতাৰ পৰিৱেশত কেতিয়াবা তেওঁলোকৰ সমৰ্থকৰ মাজত হিংসা হয়।