প্ৰতিশ্ৰুতি আছিল ২৪ ঘন্টাই বিদ্যুৎ দিয়াৰ; কিন্তু প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈ ৰ’ল
নিউজ ডেস্ক,২৯জুলাই : কেৱল অসমতেই বিদ্যুতৰ লুকাভাকু নহয় । যোগীৰ ৰাজ্যতো একেই অৱস্থা ।
প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহত এগৰাকী শিক্ষয়িত্ৰী শুই পৰিল শ্ৰেণীকোঠাৰ মজিয়াত। শিক্ষয়িত্ৰীগৰাকীক আকৌ বিচনীৰে বতাহ দি আছে শিক্ষাৰ্থীসকলে। শ্ৰেণীকোঠাত শিক্ষণ এৰি শয়নৰত হৈ পৰা এই ঘটনাই এতিয়া লাভ কৰিছে বেচ চৰ্চা।
একেসময়তে শিক্ষয়িত্ৰীগৰাকীৰ এনেই কাণ্ডই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীক। সামাজিক মাধ্যমত ভিডিঅটো ভাইৰেল হোৱাৰ পিছতেই যোগী আদিত্যনাথৰ শাসন ব্যৱস্তাক লৈও প্ৰশ্ন উঠিছে।
ঘটনাটো হৈছে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশৰ আলিগড়ৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ। উকট গৰমৰ বাবেই শিক্ষয়িত্ৰী গৰাকী পাঠদান এৰি এনেদৰে মজিয়াতেই শুই পৰিছে । আৰু শিক্ষাৰ্থীক বিচনীৰে বতাহ দিব দিছে। ভিডিঅটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই একাংশই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক প্ৰশ্ন কৰিছে।
২৪ ঘন্টাই বিদ্যুৎ দিয়া প্ৰতিশ্ৰুতি ক’ত গ’ল ?
যোগীৰ ৰাজ্যত যে বিদ্যুৎ ব্যৱস্থা যে ভাল নহয় তাৰেই প্ৰমাণ এই ভিডিঅটো।বিদ্যুতৰ লুকাভাকুৰ বাবেই বহুতো কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী বেমাৰত পৰিব লগা হৈছে উ.প্ৰদেশত। ইয়াৰ পাছতো নেতাৰ ভাষণ ২৪ ঘন্টাই বিদ্যতৰ দিয়াৰ প্ৰতিশ্ৰুতি। ভিডিঅটো ভাইৰেল হোৱাৰ পাছতেই শিক্ষয়িত্ৰী ডিম্পল বানচালক নিলম্বন কৰা হৈছে।অসমতো একেই অৱস্থা। গৰমত বিদ্যু নাপাই ৰাস্থাত হাতত বিছনী লৈ ৰাতি পাৰ কৰিব লগা হৈ ৰাইজে। বিদ্যু পাওক বা নাপাওক কিন্তু মাহৰ শেষত বিদ্যুতৰ নামত দিব লগা হৈছে হাজাৰ টকা বিল।
লগতে পঢ়ক : Actor Ravi Sarma injured while shooting for upcoming film : শ্বুটিং কৰি থাকোতে আঘাতপ্ৰাপ্ত অভিনেতা ৰবি শৰ্মা