প্ৰচণ্ড ৰ’দ; পথাৰত চিৰাল ফাট, মূৰে কপালে হাত দিছে কৃষকে
নগৰবেৰা,২২ছেপ্তেম্বৰ : প্ৰচণ্ড ৰ’দে পুৰিছে ধাননী পথাৰ । শ শ বিঘা ধান খেতি নষ্ট হোৱাৰ দিশে । মূৰে কপালে হাত দিছে কৃষক সকলে।জলবায়ু পৰিৱৰ্ত্তনৰ ফলত ধৰাৰ বুকুত উষ্ণতা বৃদ্ধি হোৱাত ইয়াৰ প্ৰভাৱ পৰিছে জীৱকুলৰ ওপৰত। একেই প্ৰভাৱ পৰিছে ৰাজ্যৰ কৃষি পথাৰ সমূহতো ।
শেহতীয়াকৈ প্ৰচণ্ড ৰ’দে পুৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ধানৰ খেতি। একেই অৱস্থা হৈছে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত। জিলাখনৰ কাণকাটা, কাহিবাৰী, খেৰোপাৰা, জিয়াগুৰী, টিপলাই আদি পথাৰৰ শ শ বিঘা ধান খেতি নষ্ট হোৱা পৰিলক্ষিত হৈছে। প্ৰচণ্ড ৰ’দৰ উপৰিও পথাৰ সমূহৰ ধান খেতিত অচিন ৰোগে আক্ৰমণ কৰাত সম্প্ৰতি মৰহি যাবলৈ আৰম্ভ কৰিছে এনে ধানৰ খেতি।
স্থানীয় একাংশ কৃষকে জনোৱা মতে, ইয়াৰ পূৰ্বেও অঞ্চলটোত প্ৰচণ্ড ৰ’দ আৰু দীঘলীয়া সময় বৰষুণ নপৰা পৰিৱেশ সৃষ্টি হৈছিল যদিও ধান খেতি সমূহ এনেদৰে নষ্ট হোৱা নাছিল। সেই গতিকে জিলাখনৰ উল্লেখিত ধান খেতিত অচিন ৰোগে আক্ৰমণ কৰাৰ সন্দেহ ব্যক্ত কৰিছে কৃষক সকলে। ইপিনে পথাৰে পথাৰে ধান খেতি সমূহ এনেদৰে নষ্ট হোৱাত হতাশ হৈ পৰিছে অঞ্চলটোৰ কৃষক সকলে।
বছৰটোৰ একমাত্ৰ খেতি কৰা কৃষকৰ শালি ধানৰ খেতি এনেদৰে অচিন ৰোগৰ আক্ৰমণত নষ্ট হোৱাত মূৰে কপালে হাত দিছে কৃষক সকলে। ইপিনে জিলাখনৰ উল্লেখিত অঞ্চল সমূহৰ শ শ বিঘা শালি ধানৰ খেতি অনাবৃষ্টি আৰু অচিন ৰোগত আক্ৰান্ত হৈ নষ্ট হোৱাৰ পাছতো খেতি পথাৰ সমূহত উপস্থিত হোৱা নাই কৃষি বিভাগৰ কোনো লোক। শীঘ্ৰে কৃষি বিভাগৰ লোকক আক্ৰান্ত খেতি পথাৰ সমূহত উপস্থিত হৈ ব্যৱস্থা গ্ৰহণৰ লগতে বিনামূলীয়া দৰৱ বিতৰণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী কৃষক সকলে ।
লগতে পঢ়ক :Woman allegedly murdered by husband : যৌতুকৰ বাবে মহিলাক হত্যা কৰাৰ অভিযোগ