Local, Vocal, Global

পুনৰ লাভ জেহাদ;মুছলমান যুৱকে পলুৱাই নিলে হিন্দু যুৱতীক

জামুগুৰিহাট,১২ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা । মুছলমান যুৱকে পলুৱাই নিলে হিন্দু যুৱতীক ।

যি সময়ত অসম চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হৈছে তেনে সময়তে ৰাজ্যত লাভ জেহাদৰ ঘটনা। মুছলমান সম্প্ৰদায়ৰ যুৱকে পলুৱাই নিলে হিন্দু যুৱতীক । এইজন ছাবিৰ আলী। ছাবীৰ আলীৰ ঘৰ উত্তৰপ্ৰদেশত। ৰঙাপৰাৰ খেৰণি বস্তীৰ গোৱালা উপাধিৰ এগৰাকী যুৱতীক বিভিন্ন প্ৰলোভেনেৰে পলুৱাই নিছিল ছাবীৰ আলীয়ে ৷

তিনি মাহ পূৰ্বে বিয়া খাব আহি প্ৰেমত পৰিছিল ছাবিৰ আলীয়ে। লাহে লাহে সম্পৰ্ক মধুৰ হৈ উঠিছিল দুয়োৰে। ছাবিৰ আলীয়ে নিজকে হিন্দু যুৱক বুলি পৰিচয় দিছিল। কালি ৰঙাপৰাৰ পৰা ৰেলযোগে দুয়ো ৰাওনা হৈছিল উত্তৰপ্ৰদেশলৈ বুলি। ইতিমধ্যে ৰঙাপৰা আৰক্ষীয়ে কিষানগঞ্জ ৰেলৱে ষ্টেচনত ৰেল আৰক্ষীৰ সহায়ত দুয়োজনকে আটক কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক : Massive fire breaks out in Boko : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত কোচিং একাডেমী