পাঠানে প্ৰাণ ললে এজনৰ,নিশা পাঠান চাই অহা দুই যুৱকক মহতিয়াই নিলে বাহনে !
নিশা পাঠান চাই অহা দুই যুৱকক মহতিয়াই নিলে বাহনে , নিহত ১জন।দিল্লীৰ কেশৱপুৰমত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।শনিবাৰে পুৱা ৩ মান বজাত এখন টাটা জেষ্ট গাড়ীয়ে এখন স্কুটীত খুন্দা মাৰিছিল।দুৰ্ঘটনাটোৰ সময়ত,স্কুটীখনত ২ জন লোক আছিল আৰু দুৰ্ঘটনাটোৰ ফলত এজন লোকৰ ঘটনাস্থলীত মৃত্যু হৈছিল।আনজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে,যাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।জানিব পৰা মতে বাহনখনে স্কুটীখন মহটিয়াই বহু দুৰলৈ লৈ যায়।দুৰ্ঘটনাটোৰ পিছত শচীন গিৰি নামৰ স্কুটী চলাই থকা যুৱকজন ৰাস্তাত বাগৰি পৰে।একে সময়তে কৈলাশ ভাটনাগৰ নামৰ আনজন যুৱক গাড়ীখনৰ বনেটত আবদ্ধ হৈ পৰে।লগতে স্কুটিখনো বাহনখনৰ বাম্পাৰত আবদ্ধ হৈ পৰে। ইয়াৰ ফলত কৈলাশ ভাটনাগৰৰ মৃত্যু হয় আৰু শচীনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
তথ্য অনুসৰি গাড়ীখনত থকা অভিযুক্তজনে স্কুটিখন প্ৰেৰণা চকৰ পৰা কানহাইয়া নগৰ মেট্ৰ’ষ্টেচনলৈকে প্ৰায় ৩৫০ মিটাৰ চোচৰাই লৈ যায়।ঘটনাটোৰ পিছত আৰক্ষীয়ে বাহনখন খেদি খেদি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছিল।বাহনখনত৫ জন লোক আছিল তাৰে ২ জনক ঘটনাস্থলীতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু বাকী তিনিজনক পিছত গ্ৰেপ্তাৰ কৰা হৈছিল।
এইটো জানিব পৰা গৈছে যে স্কুটি আৰোহীসকলে এটা পোছাকৰ কাৰখানাত কাম কৰিছিল আৰু নিশা ‘পাঠান’বোলছবিখন চাই উভতি আহিছিল।