পাকিস্তানী তাহিৰ খান ভাৰতৰ বন্ধু হৈ পৰিল কেনেকৈ?
শেহতীয়াকৈ ভাৰতৰ নেটিজনেসকলে পাকিস্তানৰ এগৰাকী লোকক খুব প্ৰশংসা কৰিছে৷ মানুহজনৰ নাম হৈছে তাহিৰ খান৷ তাহিৰ খানক প্ৰশংসা কৰি সামাজিক মাধ্যম উপচাই পেলোৱা হৈছে৷ প্ৰকৃততে ভাৰতীয়ৰ হৃদয় জিনিছে তাহিৰ খানে৷ পাকিস্তান ভাৰতৰ চিৰশত্ৰু৷ কিন্তু কেতিয়াবা কেতিয়াবা দুই এক খবৰে অন্য এখন ছবিও প্ৰতিফলিত কৰে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ দেখিলে হয়তো আপোনাৰ দৃষ্টিভংগী সলনি হ’ব। আপুনি অনুভৱ কৰিব যে সীমান্তৰ সিপাৰে পাকিস্তানতো ভাল মানুহ আছে। চাৰি ভাৰতীয়ৰ বিপদৰ বন্ধু হৈ পৰিল পাকিস্তানী তাহিৰ খান৷ ভাৰতৰ পৰা পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ ইছলামাবাদলৈ গৈছিল দুই ভাৰতীয় মহিলা ক্ৰীড়াবিদ আৰু আন দুজন লোক৷ প্ৰতিযোগিতাত অংশ ল’বলৈ পাকিস্তানত উপস্থিত হয় চাৰি ভাৰতীয়৷ ভাৰতীয় খেলুৱৈসকলে সীমান্ত পাৰ হোৱাৰ সময়ত ভয় খাইছিল৷ বাঘা সীমান্ত পাৰ হোৱাৰ পাছত ভয়ে ভয়ে যাত্ৰা কৰিছিল৷
৫ দি পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈছিল এটা ভিডিঅ’৷ ভিডিঅ’টোত দেখা গৈছে যে এখন বিলাসীবাহনত ৫গৰাকী লোক৷ প্ৰকৃততে ভাৰতীয় পৰিয়ালটোৱে ইছলামাবাদত দুগৰাকী কন্যাৰসৈতে আন্তঃৰাষ্ট্ৰীয় টেনিছ খেলৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। পথ হেৰাই পথৰ খেলি-মেলি লগাৰ সময়তে তাহিৰ খান নামৰ এজন দয়ালু ব্যক্তিয়ে সহায় কৰিছিল ভাৰতীয় দলটোক৷ ভাৰতীয় পৰিয়ালটোৱে ইছলামাবাদৰ এটা পথেৰে ষ্টেডিয়ামলৈ খোজকাঢ়ি গৈ আছিল৷ সেই পথেৰে তাহিৰ খানে আন এখন বাহনেৰে গৈ আছিল৷ চাৰিগৰাকী লোকক প্ৰত্যক্ষ কৰি তাহিৰ খানে গাড়ী ৰখাই লোককেইজনক ক’ৰ পৰা আহিছে বুলি সোধে৷ ভাৰতৰ পৰা অহা বুলি কোৱাত তাহিৰ খানে আদবাটৰ পৰা লিফ্ট দিছিল৷ কিন্তু দুই মহিলা খেলুৱৈসহ চাৰি ভাৰতীয়ক তাহিৰ খানে ষ্টেড়িয়ামলৈ নিয়াৰ পৰিৱৰ্তে তেওঁৰ ৰেষ্টুৰেণ্টলৈ নি হাঁহি, স্ফূৰ্তিৰে ভোজন কৰোৱাই৷ ইতিমধ্যে এই ভিডিঅ’ ভাইৰেল হৈছে৷ গাড়ীৰ ভিতৰতে ৰেকৰ্ড কৰা ভিডিঅ’ত চাৰিগৰাকী লোকক হাঁহি হঁহি কথা পাতি থকা গৈছে৷ তাহিৰ খান নামৰ পাকিস্তানৰ লোকজনে হাঁহি হাঁহি কয় যে আপোনালোকে বিৰাট কোহলীক আমাক দিয়ক। এইকথা শুনি গাড়ীত থকা লোক সকলে হাঁহিবলৈ ধৰে। গাড়ীৰ ভিতৰতে তাহিৰ খানে ভাৰতীয় লোককেইজনৰ সৈতে কথা পাতিছিল৷ ভাৰতৰ কোন ঠাই পৰি আহিছে সুধিছিল? ভাৰতীয় কেইজনে কয় হায়দৰাবাদৰ পৰা আহিছো। তেতিয়া তাহিৰ খানে কয় আপোনালোকক পাকিস্তানলৈ স্বাগতম। ভাৰতীয় দলটোৱে আন্তৰ্জাতিক টেনিছ টুৰ্ণামেণ্ট খেলিবলৈ ইছলামবাদলৈ গৈছিল। তাহিৰ খান এগৰাকী ব্যৱসায়ী৷ ৰেষ্টুৰেণ্টৰ ব্যৱসায় কৰে তাহিৰ খানে৷ চাৰি ভাৰতীয়ক নিজৰ ৰেষ্টুৰেণ্টলৈ নি আপ্যায়ন কৰাৰ লগতে নিজৰ কাৰ্যালয়লৈ নিয়ে। আপোনালোক হায়দৰাবাদৰ, আপোনাৰ বিৰিয়ানী তাত বিখ্যাত। আপুনি আমাৰ বিৰিয়ানী আৰু পুলাও খাওক বুলিও কয় তাহিৰ খানে৷
আন এটা ভিডিঅ’ত, ভাৰতীয় খেলুৱৈসকলক সোধা হৈছিল পাকিস্তানলৈ অহাৰ আগতে আপোনালোকে কি ভাবিছিল? এই প্ৰশ্নৰ উত্তৰ দি ভাৰতীয় কন্যাগৰাকীয়ে কয় ‘‘পাকিস্তানলৈ অহাৰ আগতে, মই ইমান মৰম আশা কৰা নাছিলো। পাকিস্তান ভাল, ধুনীয়া, ইছলামাবাদ ভাল। পাকিস্তানী গৃহস্থই হাঁহি হাঁহি সুধিলে, আপোনালোক দুয়োজনৰ বিপৰীতে পাকিস্তানী ছোৱালীয়ে খেলিব৷ কোনে জিকিব? ভাৰতীয় কন্যাই হাঁহি হাঁহি কয় যে ঈশ্বৰে সিদ্ধান্ত ল’ব।
পাকিস্তানত উপস্থতি হৈ ভাৰতীয় খেলুৱৈৰ মন সলনি হৈছিল৷ পাকিস্তানত যথেষ্ট আদৰ পায় দলটোৱে। ইমানে নহয় দলটোত থকা ভাৰতৰ হায়দৰাবাদৰ এজন লোকে পাকিস্তানৰ প্ৰগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। ভাৰতীয় দলটোৱে পাকিস্তানৰ লোকৰ সৈতে ক্ৰিকেটৰ বিষয়েও আলোচনা কৰে। এক কথাত ক’ব পাৰি যে পাকিস্তানতো আছে ভাল মানুহ৷