Local, Vocal, Global

পাঁচমুখত উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন মহোৎসৱৰ লাইখুটা স্থাপন

নিউজ ডেস্ক: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বালিজুৰিস্থিত পাঁচমূখ শিৱ মন্দিৰ প্ৰাঙ্গনত বিশ্ব শান্তিৰ হকে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিৰ সৌজ্যনত ৬৪ সংখ্যক বাৰ্ষিক অখণ্ড হৰি কীৰ্তন মহোৎসৱ ২০২২ বৰ্ষৰ লাইখুটা স্থাপন কৰিলে সভাপতি পণ্ডিত দেৱ নায়ক অধিকাৰীয়ে। উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন সমিতিৰ সৌজ্যনত পশুপতি কীৰ্তন সংঘ, পূৰ্ণিমা মহিলা কীৰ্তন সংঘ, গণেশ কীৰ্তন সংঘ আৰু গায়েত্ৰী মহিলা কীৰ্তন সংঘৰ আয়োজক সমিতিয়ে অহা ৩, ৪ আৰু ৫ নৱেম্বৰ বৃহস্পতি, শুক্ৰবাৰ আৰু শনিবাৰে তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে অখণ্ড হৰি কীৰ্তন মহোৎসৱভাগ উদযাপন কৰিব বুলি জানিবলৈ দিয়ে সভাপতি দেৱ নায়ক অধিকাৰী, উপ-সভাপতি জিত বাহাদুৰ নেৱাৰ, সম্পাদক দোৰ্ণ শৰ্মা আৰু সদস্য নিলকমল নেৱাৰে।