ন-পুৰণি শিল্পীৰ সমাহাৰ, সোণাৰিত জোনাকী মেল

নিউজ ডেস্ক: চৰাইদেউ জিলা কবি সাহিত্য চক্ৰৰ উদ্যোগত, সোণাৰি সংগীত মহাবিদ্যালয় আৰু চৰাইদেউ লেখিকা সমাজৰ সহযোগত আজি গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ অপূৰ্ব সৃষ্টি জোনাকী মেল অনুষ্ঠিত হয়। সোণাৰি সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত বৰ মেলোৱা হিচাপে পৰিচালনা কৰে সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন ৰাজখোৱায়। অনুষ্ঠানত সোণাৰি অঞ্চলৰ ভালে সংখ্যাক ন-পুৰণি শিল্পী, কবি, সাহিত্যিকে অংশগ্ৰহণ কৰি বিভিন্ন গীত, নৃত্য, কবিতা আদি পৰিৱেশন কৰে।