নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ চিত্ৰক অপমান!
জালুকবাৰীৰ উৰণীয়া সেতুত থকা শিল্পী নীল পৱন বৰুৱা আৰু কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰৰ চিত্ৰ মচি পেলোৱা জিএমডিএৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে সকলোৰে।শিল্পী নীল পৱন বৰুৱা আৰু কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰৰ ৱাল পেইন্টিঙৰ বাবে অপমানৰ সন্মুখীনৰ হ’ব লগা হৈছিল৷ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে জি এম ডিএ ৰ কাৰ্যৰ বাবে ব্যাপকভাৱে সমালোচনা কৰি আহিছে।পদ্মশ্ৰী দীপালী বৰঠাকুৰ আৰু প্ৰসিদ্ধ শিল্পী নীলপৱন বৰুৱাৰ কাহিনীটো এক অনুপ্ৰেৰণাদায়ক কাহিনী।অসমৰ আটাইতকৈ প্ৰিয় দম্পতী দীপালী বৰঠাকুৰৰ আৰু নীলপৱন বৰুৱাৰ।
প্ৰেম কি তাৰ এক উদাহৰণ , প্ৰিয় দম্পতী দীপালী বৰঠাকুৰৰ আৰু নীলপৱন বৰুৱাৰ সৌন্দৰ্য্যতাই প্ৰতিটো প্ৰজন্মক পোহৰ কৰিছে।দীপালী বৰঠাকুৰৰ আৰু নীলপৱন বৰুৱাৰ প্ৰেম সমগ্ৰ অসমবাসীৰ বাবে অনুপ্ৰেৰণামূলক।বৃদ্ধ অৱস্থাতো অসুস্থ পত্নীক সকলো প্ৰকাৰে যত্ন লৈছিল স্বামী নীলপৱনে যাৰ বাবে নাম পাইছিল দুৰন্ত প্ৰেমিকৰ ।
তেওঁলোকৰ প্ৰেম আছিল সহশ্ৰ জনৰ বাবে আদৰ্শ।কল্পনাৰ সোঁত ছিঙি নিৰঞ্জনৰ স্মৃতি সুঁৱৰি দুয়ো দুয়োৰে মাজত বিলাই দিছিল প্ৰেম আৰু ভালপোৱা ।
১৯৭৬ চনৰ ৭মাৰ্চ তাৰিখে আৰম্ভ হোৱা ইজনে ,সিজনৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ সৈতে জড়িত ত্যাগ আৰু ভক্তিয়ে কাহিনী এটাক অনন্য় কৰি তুলিছে ।
নিখুঁত আদৰ্শ বিবাহিত দম্পতীৰ পৰিচয় থকা শিল্পীৰ প্ৰতিচ্ছবিক সৌন্দৰ্যবৰ্ধনৰ দায়িত্বত গুৱাহাটী মেট্ৰ’পলিটান ডেভেলপমেন্ট অথৰিটিয়ে (জিএমডিএ )অনাকৰ্ষণীয়ে বুলি গণ্য কৰিছে ।
জালুকবাৰীৰ ফ্লাইঅভাৰ ব্ৰীজৰ পৰা এই দেৱালৰ চিত্ৰ আতৰাবলৈ কয়। নীল-দীপালীৰ এই চিত্ৰত দম্পতীহালৰ চিৰসেউজ প্ৰেমকাহিনী দেখুওৱা হৈছে আৰু ছবিখন গুৱাহাটী কলাৰ চহৰ হিচাপে চিহ্নিত কৰিবলৈ নিৰ্মাণ কৰা হৈছিল ।
গুৱাহাটী মেট্ৰ’পলিটান ডেভেলপমেন্ট অথৰিটিয়ে (জিএমডিএ )অধীনত এই ক্ষেত্ৰত সৌন্দৰ্যবৰ্ধনৰ দায়িত্বক লৈও প্ৰশ্ন উত্থাপিত হৈছে ।লক্ষণীয়ভাৱে যিহেতু ভাৰতে জি-২০ সন্মিলনৰ সময়ত প্ৰথমবাৰৰ বাবে যুৱ-২০ সন্মিলনৰ আয়োজন কৰিছে ।ৱাই-২০ গোটৰ প্ৰথমখন বৈঠক ৬ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব।