নিপিন্ধিলে এৰক ইৰাণ, এটা এটাকৈ হত্যা কৰা হ’ব হিজাব বিৰোধীক!

ডিজিটেল ডেস্ক:- হিজাব বিৰোধী আন্দোলন মানে আল্লাহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা বুলি কৈছে ইৰাণৰ চৰকাৰে। আৰু এনে কামৰ বাবে ইৰাণে শাস্তি হিচাপে দুজন কিশোৰক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে। হিজাব বিৰোধী প্ৰতিবাদ দমন কৰিবলৈ ইৰাণ অধিক কঠোৰ হৈছে। এইবাৰ তেহৰানত দুজন কিশোৰক মৃত্যুদণ্ডৰ নিৰ্দেশ দিলে চৰকাৰে। ইৰাণৰ সংবাদ মাধ্যমৰ সূত্ৰৰ অনুসৰি, নাবালক দুজনে মৃত্যুদণ্ডৰ নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ নিম্ন আদালতত আবেদন জনায়। কিন্তু উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে।
জানিব পৰা মতে ‘ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা’ আৰু ‘পৃথিৱীৰ হৃদয়ত দুৰ্নীতি’ দুটা অপৰাধৰ বাবে তেওঁলোকৰ মৃত্যুদণ্ড বাহাল ৰখা হৈছে।এই নিৰ্দেশ কাৰ্যকৰী হ’লে পৃথিৱীত আটাইতকৈ কম বয়সীয়া অপৰাধী হিচাপে দুজন কিশোৰক ফাঁচী দিয়া হ’ব। তাকো হিজাব বিৰোধী আন্দোলনত অংশগ্রহণ কৰা বাবে।
আন্দোলনত অংশগ্ৰহণৰ শাস্তি হিচাপে ইৰাণৰ প্ৰশাসনে ইতিমধ্যে কেইবাজনো প্ৰতিবাদকাৰীক মৃত্যুদণ্ডৰ নিৰ্দেশ দিছে।খবৰ অনুসৰি ১৮ বছৰীয়া মেহদি মহম্মদীফৰ্ড আৰু ১৯ বছৰীয়া কিশোৰ মহম্মদ বৰৌনি। এওঁলোক দুজনে হিজাব বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা লৈছিল। তেওলোকে পানীৰ বটলত পেট্ৰ’ল ভৰাই বোমা বনোৱাৰ অভিযোগ উঠেছে। এই মলটভ নামেৰে পৰিচিত এই হাত বোমা, ৰাছিয়া-ইউক্ৰেইন যুদ্ধতো ব্যৱহাৰ কৰা হৈছিল।
ইৰাণৰ আইনী বিভাগৰ বিশেষ ৱেবছাইটত উল্লেখ থকা অনুসৰি, মেহদীয়ে এই অভিযোগ মানি লৈছে। প্ৰমাণৰ ভিত্তিত তেওঁক দোষী সাব্যস্ত কৰা হয়। অৱশ্যে বয়সৰ বাবে তেওঁলোকে এতিয়াও দেশৰ সৰ্বোচ্চ আদালতত আবেদন কৰিব পাৰিব।
যদিও মেহদীৰ এটা শেষ সুযোগ আছে, তথাপিও মৃত্যুদণ্ডৰ শাস্তি পোৱা মহম্মদ বৰৌনীয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ বাবে আৱেদন কৰিব নোৱাৰে। এম্নেষ্টী ইণ্টাৰনেশ্যনেলে তেওলোকৰ মৃত্যুদণ্ডৰ ৰায় পুনৰীক্ষণৰ বাবে আবেদন জনাইছে। সাধাৰণ ৰাইজেও একে দাবী কৰিছে। কিন্তু তাৰ বিপৰীতে নিম্ন আদালতৰ সিদ্ধান্ত গৃহীত হ’ল। গতিকে অতি সোনকালে মহম্মদক মৃত্যুদণ্ড দিয়া হ’ব।
ইয়াৰ পূৰ্বে ইৰাণ প্ৰশাসনে ২৩ বছৰীয়া দুজন যুৱকক ফাঁচী দিছিল। সেই দেশৰ আদালতে এতিয়ালৈকে হিজাব বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ অপৰাধত ৩৯ জন লোকক ফাঁচী দিয়াৰ নিৰ্দেশ দিছে। প্ৰসংগক্ৰমে ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ ইৰাণত হিজাব বিতৰ্কত জুই জ্বলি উঠিছে। হিজাব পৰিধান নকৰাৰ বাবে আৰক্ষীৰ জিম্মাত মৃত্যু হয় মাহছা আমিনিৰ। তেতিয়াৰ পৰাই সাধাৰণ জনতাই বাধ্যতামূলক হিজাবৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।
ইফালে ইৰাণৰ বিভিন্ন স্থানত হিজাবৰ বিৰুদ্ধে বহুলোকে নতুনকৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে। দেশৰ বিখ্যাত ব্যক্তিসকলেও হিজাবৰ বিৰুদ্ধে প্ৰতিবাদত যোগদান কৰে। প্ৰতিবাদকাৰীক বাধা দিবলৈ খোমেইনীৰ প্ৰশাসনে কঠোৰ দমন নীতি গ্ৰহণ কৰিছে। অস্কাৰ বিজয়ী অভিনেত্ৰীগৰাকীকো কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে কেইবাজনো প্ৰতিবাদকাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। এতিয়া সেই তালিকাত আন এজন কিশোৰৰ নাম যোগ হ’বলৈ গৈ আছে। অন্য অৰ্থত ইৰাণ মানৱতাৰ বধ্যভূমিত পৰিণত হ’বলৈ গৈ আছে নেকি?