নিজকে সিংঘম বুলি ভৱা ভাৰ্গৱ বৰবৰা কিমান বৰ্বৰ জানেনে ?
নিউজ ডেস্ক,১৮নৱেম্বৰ : গুৱাহাটী কটন বিশ্ববিদ্যালয়ত অধ্যায়নৰত তথা ডেলিভাৰী বয় হিচাপে কৰ্মৰত জ্ঞানদ্বীপ হাজৰিকাক ৰাজপথত বর্বৰভাৱে আক্ৰমণ কৰা এইজন আৰক্ষী বিষয়া ভাৰ্গভ বৰবৰাৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক গুৰুতৰ অভিযোগ ।আৰক্ষীৰ পোছাকত গুণ্ডা আছিল নেকি ভাৰ্গভ বৰবৰা ?
নিজকে সিংঘম বুলি ভাৱি বডি ফিটিং ইউনিফৰ্ম পিন্ধি যি মন গৈছিল তাকেই কৰিছিল নেকি ভাৰ্গভ বৰবৰাই। গোৱালপাৰাৰ এটি দৰিদ্ৰ পৰিয়ালে হুকহুকাই কান্দি কান্দি তুলিছে বিস্ফোৰক অভিযোগ ।ভাৰ্গৱ বৰবৰাক নিলম্বনৰ পিছতেই ন ন তথ্য পোহৰলৈ আহিছে
অভিযোগ অনুসৰি ২০১৫ চনত গোৱালপাৰা চহৰৰ পাহাৰতলীৰ পৰা লোহিত কছাৰী নামৰ যুৱক এজনক সুৰাসক্ত অৱস্থাত আটক কৰিছিল। গোৱালপাৰা টাউন আৰক্ষীৰ লকআপত ভৰাই থৈ ওৰেটো নিশাই মাৰপিট কৰিছিল লোহিত কছাৰীক । আৰু তাৰপিছদিনা লোহিত কছাৰীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল ব্ৰহ্মপুত্ৰৰ পাৰত । সুৰাসক্ত যুৱকজনক নিৰ্মম প্ৰহাৰ কৰি হত্যা কৰি ৰহস্যজনকভাৱে মৃতদেহ পেলাই দিয়াৰ অভিযোগ তুলি আৰক্ষীৰ চকীৰ সন্মুখত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল পৰিয়ালৰ লোকে । কিন্তু সেই সময়ত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ প্ৰলোভনৰ আশ্বাসত ভোল গৈছিল দুৰ্ভগীয়া পৰিয়ালটো । আজিলৈকে ন্যায় নাপালে দুৰ্ভগীয়া পৰিয়ালটোৱে।
আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ কাণ্ড দেখি নিজৰ ভাতৃৰ অকল্পনীয় মৃত্যুক সুৱৰি চকুলো টুকাৰ লগতে ভাৰ্গৱ বৰবৰাক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে ভগ্নীয়ে । লোহিত কছাৰীক বৰ্বৰভাৱে হত্যা কৰি পৰিয়ালটোক ধ্বংস কৰা গোৱালপাৰাৰ দুৰ্ভগীয়া এই পৰিয়ালটোৱে সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি ভাৰ্গভ বৰবৰাক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰিছে ।ইফালে এগৰাকী অৱসৰ প্ৰাপ্ত IPSবিষয়া ভায়লেট বৰুৱাই অসম আৰক্ষীক উদ্দেশ্য ফেচবুকত লিখিছে
ৰাইজৰ ধনেৰে ধৰমহা দি ভেৰোণীয়া গুণ্ডা নুপুহিব
সিংঘম পুলিচ অকল চিনেমাতহে ভাল লাগে । বডিফিটিং ইউনিফৰ্ম পিন্ধি সিংঘম STYLE ত গুণ্ডাগিৰি কৰি সমস্ত আৰক্ষী বিভাগটোৰ বদনাম কৰিছে। ইতিমধ্যে নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ । উল্লেখ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাচতে অসমৰ সকলো আৰক্ষীকে জনতাৰ প্ৰতি ব্যৱহাৰ ভাল কৰিবলৈ নিৰ্দেশ দিছিল জিপি সিঙে ৷ কিন্তু এতিয়াও এনে একাংশ আৰক্ষী বিষয়া আছে, যিয়ে দাবী-ধমকিৰে বা ভয়-ভাবুকিৰে জনতাৰ ওপৰত নিজৰ প্ৰভুত্ব খটাব বিচৰা দেখা যায় ৷ ভাৰ্গৱ বৰবৰা তাৰেই যেন এক উদাহৰণ ৷ নিলম্বিত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কি ব্যৱস্থা সেয়া হে লক্ষনীয় হব।