Local, Vocal, Global

নামতি শালকাঠনিত উদ্ধাৰ এটি দুষ্প্ৰাপ্য বনৰৌ

গেলেকী,১৯মে’ : শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি শালকাঠনি গাঁৱত উদ্ধাৰ এটি দুষ্প্ৰাপ্য বনৰৌ। শনিবাৰে নিশা গাঁৱখনৰ বাবু বৰা নামৰ যুৱক এজনৰ ঘৰৰ চোতালত উদ্ধাৰ হয় বনৰৌটি।

জানিব পৰা মতে শনিবাৰে নিশা বাবু বৰাৰ চোতালত কুকুৰে চিঞৰ-বাখৰ লগোৱাত পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাই অহাৰ পিছতেই বনৰৌটো প্ৰত্যক্ষ কৰে। বনৰৌটো উদ্ধাৰ হোৱাৰ পিছতেই বাবু বৰাই বন বিভাগক গতাই দিয়াৰ বাবে যোগাযোগ কৰে যদিও বাতৰি যুগুত কৰা সময়লৈকে বন বিভাগৰ লোক উপস্থিত হোৱা নাই।

আনহাতে যুৱকজনে দুষ্প্ৰাপ্য বনৰৌটো বন বিভাগক গতাই দিয়াৰ বাবে লোৱা সিদ্ধান্ত সঁ‌চাকৈ প্ৰশংসনীয় বুলি চুবুৰীয়াই সন্তোষ প্ৰকাশ কৰে।

লগতে পঢ়ক : Bengaluru-Kochi Air India Express flight makes emergency landing : বেংগালুৰুৰ পৰা কোচিলৈ যাত্ৰা কৰা বিমানত অগ্নিকাণ্ড,বিমানৰ জৰুৰী অৱতৰণ বেংগালুৰুত