নগাঁৱৰ চামগুৰিত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড
নগাঁও,১২মে’ : নগাঁৱৰ চামগুৰিত শক্তি বিভাগৰ আজৱ কাণ্ড, প্ৰিপেইড মিটাৰ সংযোজন কৰাৰ পাছৰে পৰা বিদ্যুৎ বিলে আচম্বিত কৰি তুলিছে গ্ৰাহক সকলক। চামগুৰি বৈদ্যুতিক উপ সং মণ্ডলৰ অন্তৰ্গত মোৱামাৰী গাঁৱৰ অধিকাংশ লোকৰ বিদ্যুৎ বিল আহিল লাখৰো অধিক। প্ৰতি মাহে শ বা হাজাৰৰ ঘৰত বিল অহা পৰিয়ালৰ নামত আহিল এক-দুই লাখৰো অধিক বিদ্যুৎ বিল।
তাকে লৈ এতিয়া বিমোৰত পৰিছে গাওঁ খনৰ গ্ৰাহক তথা একাংশ ৰাইজ। বিদ্যুৎ বিভাগে নতুনকৈ প্ৰিপেইদ মিটাৰ সংযোজন কৰাৰ পাছতে আহিছে অধিক বিল। ৰাইজৰ দাবী বিল সমূহ সংশোধন কৰক নাইবা সকলো লোকৰ বিদ্যুৎ বিচ্ছিন্ন কৰি সকাহ দিয়ক।