Local, Vocal, Global

ধেমাজি বৰদলনিত শ্বহীদ জগন্নাথ চুতীয়া পথ উদ্ধোধন

নিউজ ডেস্ক, ৬ মাৰ্চ : শ্বহীদৰ নামেৰে ধেমাজিত মুকলি হ’ল পথ । ধেমাজি বৰদলনিত শ্বহীদ জগন্নাথ চুতীয়া পথ উদ্ধোধন। আজি এই পথ শুভ উদ্ধোধন কৰে সাংসদ প্ৰদান বৰুৱাই।

উল্লেখ্য, ২০০৭ চনত ঝাৰখণ্ডত নক্সালবাদীৰ আক্ৰমণত মৃত্যু মুখত পৰিছিল চি আৰ পি এফৰ বীৰ জোৱান জগন্নাথ চুতীয়া। এইক্ষেত্ৰত জগন্নাথ চুতীয়াৰ জন্মস্থানত শ্বহীদৰ স্মৃতি সজীৱ আৰু উন্ননয়ৰ বাবে চি আৰ পি এফ বিভাগৰ তৰফৰ পৰা বৰদলনি সুৰেণ বুঢ়াগোঁহাই পথৰ চৌখাম গাঁৱৰ পৰা শ্বহীদৰ বাঁহৰকটিকা গাওলৈ যোৱা পথটোৰ নামাকৰণ কৰে শ্বহীদ জগন্নথ পথ।

আজি পথছোৱা শুভ উন্মোচনৰ সময়ত অংশগ্ৰহণ কৰে ডিব্ৰুগড় অ’ পি এছৰ ডি আই জি ৰাজীৱ ৰঞ্জন, ১৭১ বি এন কামাণ্ডেন সমীৰ কুমাৰ শ্ৰীবাস্তৱ, তত্বৱধায়ক ৰাম নাৰায়ন চৌধাৰী, ডি ৱাই কামাণ্ডেন সঞ্জীৱ পালিত, সহকাৰী ৰবি ছেত্ৰী আদিয়ে। এই উপলক্ষে এক সভাও আয়োজন কৰে বিভাগে। সমান্তৰালকৈ স্মাৰক প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে চিৰ আৰ পি এফৰ বিষয়া, সাংসদ প্ৰদান বৰুৱা, ধেমাজি প্ৰশাসন আৰু শ্বহীদ পৰিয়ালে।

লগতে পঢ়ক : Associates Of Waris Punjab De Chief Hospitalized In Assam Medical College : ডিব্ৰুগড়ৰ কাৰাগাৰতে অসুস্থ দুই খালিস্তানী; দুসপ্তাহে কাৰাগাৰত অনশনৰত আছিল দুই খালিস্তানী