Local, Vocal, Global

ধাৰাসাৰ বৰষুণৰ ফলত খহি পৰিল দিচাং নদীৰ ওপৰত থকা পকী দলঙৰ দুই পাৰ

সোণাৰি,১জুলাই : চৰাইদেউ জিলাৰ সোণাৰি -মৰাণ সংযোগী পথত ভজোত থকা দিচাং নদীৰ ওপৰৰ দলঙখনৰ দুইটা পাৰ বিগত কিছুদিন ধৰি দি থকা নেৰানেপেৰা খহি যোৱাৰ ফলত যিকোনো মুহূৰ্তত দলংখনেদি যাতায়ত বন্ধ হৈ যোৱাৰ উপক্ৰম ঘটিছে।

উল্লেখ্য যে, চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা সমষ্টি সংযোগী তথা ষাঠিৰ দশকতে নিৰ্মাণ কৰা ভজো দলঙে জিলাখনৰ জনসাধাৰণলৈ অশনি সংকট কঢ়িয়াই আনিছে। জিলাখনৰ সোঁমাজেৰে বৈ যোৱা দিচাং নদীৰ ওপৰত ভজো অঞ্চলত থকা এই দলংখন সম্প্রতি যাতায়াতৰ অনুপযোগী হৈ পৰিছে। দলংখনৰ দুয়োটা মূৰ বিধ্বস্ত হৈ পৰাত এতিয়া যান-বাহন চলাচল কৰাত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে।

জিলাখনৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিক সংযোগ কৰা ভজোৰ এই দলংখন দুৰ্বল হৈ পৰাত জনসাধাৰণে বিপদ সংকুলভাৱে যাতায়াত কৰিব লগা হৈছে। স্মাৰ্তব্য যে দলংখনৰ কাষতে নতুনকৈ নিৰ্মাণ কৰা দলঙৰ কাম লেহেমীয়া হোৱাৰ ফলত ভজো দলংখনৰ দুয়োটা পাৰত ভয়ানক অৱস্থাৰ সৃষ্টি হৈছে।

দলংখনৰ নিৰ্মাণত জড়িত ঠিকাদাৰ প্ৰতিষ্ঠান তথা লোক নিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবে ক্ৰমান্বয়ে দুৰ্বল হৈ পৰা দলংখনেৰে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। আনহাতে দলংখনৰ দুয়োটা পাৰ খহি যোৱাৰ ফলত ৰাস্তাৰ আধা অংশ পলস মাটিৰে আবদ্ধ কৰি ৰখাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে।

শেহতীয়াকৈ দিয়া মুছলধাৰ বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা খৰস্ৰোতা দিচাং নদীৰ পানীয়ে দলংখনৰ দুইটা পাৰ খোৱাই পেলোৱাৰ ফলত জিলাখনৰ অন্তৰ্গত সোণাৰি আৰু মাহমৰা সমষ্টিৰ মাজত পথ যোগাযোগ যি কোনো মুহূৰ্তত বন্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে।

লগতে পঢ়ক : Flood situation worsens in Bokakhat : বোকাখাতত বানৰ সংহাৰী ৰূপ;বানৰ মাজত আবদ্ধ ৩গৰাকীকৈ প্ৰসূতি