দেৰগাঁৱত হৰিজন সমাজৰ স্থায়ী ভূমি বিচাৰি পৌৰসভাত আবেদন

দেৰগাঁও,১৮মে’ : হৰিজন সকল সমাজৰ এক অবিচ্ছেদ্য অংগ। আমাৰ চাৰিফালৰ পৰিৱেশটো চাফা কৰি ৰখাৰ মহান উদ্দেশ্যেৰে তেওঁলোকে সমাজত সেৱা আগবঢ়াই আহিছে। যি সকলে আমাৰ চাৰিওফালটো পৰিষ্কাৰ কৰি ৰাখে তেওঁলোকৰ বসবাসৰ বাবে স্থায়ী ভূমি নাই। যি অতি দুখৰ বিষয়। অসমৰ বিভিন্ন প্ৰান্তৰ হৰিজন সকলৰো একেই সমস্যা।
আজি দেৰগাঁৱত হৰিজন সকলে স্থায়ী গৃহ নিৰ্মাণৰ বাবে চৰকাৰী ভূমি প্ৰদান কৰিবলৈ দেৰগাঁও পৌৰপতি ওচৰত আৱেদন জনাই। এই আলোচনাত হৰিজন সমাজৰ এটি সজাতি দল উপস্থিত থাকে। বিশেষকৈ এই আলোচনাত উপস্থিত থাকে চাফাই কৰ্মী আয়োগৰ সভাপতি ভীম বাছফৰ লগতে বিষয়ববীয়া সকল। যিহেতু তেওঁলোকে দেৰগাঁৱৰ বিভিন্ন অঞ্চলত অস্থায়ীভাৱে বসবাস কৰি আহিছে।