দুই যমজ ভাতৃয়ে তৈয়াৰ কৰিলে চলন্ত ডাইনিং টেবুল
নলবাৰী,৭ছেপ্তেম্বৰ : নলবাৰীৰ দুই ছাত্ৰৰ কৃতিত্ব! চেষ্টাৰ অসাধ্য একো নাই, একাগ্ৰতা থাকিলে সহজ হৈ পৰে সকলো কাম !
তাকেই প্ৰমাণ কৰি দেখুৱালে পশ্চিম নলবাৰীৰ দুই যমজ ভাতৃয়ে । উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ জ্যোতিস্মান বৰ্মন আৰু জ্যোতিৰ্ময় বৰ্মন। সৰুৰে পৰাই ইলেক্ট্ৰনিক সামগ্ৰীৰে সৈতে খেলি ভাল পোৱা দুই ভাতৃয়ে বিভিন্ন ধৰণৰ সামগ্ৰী সাজি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । দুই যমজ সন্তানৰ পিতৃ তৰুণ বৰ্মন এজন বিজ্ঞান শিক্ষক । নিজ দুই সন্তানক বিজ্ঞানমনস্ক কৰি গঢ় দিবলৈ সৰুৰে পৰা প্ৰয়াস কৰি আহিছে পিতৃয়ে ।
দুই যুৱকে নিজ ঘৰতে সাজি তুলিছে এখন চলন্ত টেবুল । এই টেবুলখন স্বয়ংক্ৰিয়ভাৱে পৰিচালিত হয় । ইয়াৰ ওপৰত কাপ বা অন্য খাদ্যসামগ্ৰী থলে নিজে নিজে নিদিষ্ট স্থানলৈ যায় ।
ইয়াৰ উপৰিও যুৱক দুজনে বিভিন্ন ধৰণৰ ৰৱট, হাতে সজা ড্ৰোণ আদিও সাজি তুলিছে । অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বিজ্ঞান সমাৰোহতো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে দুই যমজ ভাতৃয়ে। ইয়াৰ উপৰিও সাধাৰণ কৃষকৰ সহজলভ্য হোৱাকৈও পানী যোগান ব্যৱস্থাৰ মডেল সাজি তুলিছে যুৱক দুজনে ।
এইদৰে বিভিন্ন কাৰিকৰী প্ৰযুক্তিৰ সামগ্ৰী সাজি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে দুই ভাতৃ জ্যোতিস্মান বৰ্মন আৰু জ্যোতিৰ্ময় বৰ্মনে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী নতুন সচিবালয় উদ্বোধন