দিল্লীৰ ৰাজপথত জিলিকিল অসমৰ প্ৰতীকপট !
দিল্লীৰ কৰ্তব্যপথত গণৰাজ্য দিৱসৰ পেৰেদ।গণতন্ত্ৰ দিৱসৰ পেৰেডত জিলিকিল লাচিত বৰফুকন,মা কামাখ্য়া আৰু বাপতি সাহোন ৰঙালী বিহু।দিল্লীৰ কৰ্তব্য পথত প্ৰদৰ্শিত হ’ল কেন্দ্ৰীয় চৰকাৰৰ ৬টা মন্ত্ৰণালয়ৰ প্ৰতীকপটৰ লগতে দেশৰ কেইবাখনো ৰাজ্যৰ আকৰ্ষণীয় প্ৰতীকপট।ইয়াৰ ভিতৰত অন্যতম আছিল অসমৰ প্ৰতীকপট।প্ৰতীকপটত উজলিল অসমীয়া জাতিৰ সৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকন।