দিলদাৰে হিন্দু ৰেবিকাক ১৮ টুকুৰা কৰি শিয়াল-কুকুৰৰ খাদ্য কৰিছিল শৰীৰটো
ঝাৰখণ্ডৰ চাহেবগঞ্জ জিলাত এগৰাকী যুৱতীৰ হত্যাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়ালৈকে মুঠ ১৮টা টুকুৰা উদ্ধাৰ কৰা হৈছে। ঘটনাক বিজেপিৰ সাংসদসকলে সংসদত উত্থাপন কৰাত পুনৰ চৰ্চালৈ আহিছে৷ জনজাতীয় সম্প্ৰদায়ৰ ৰেবিকা নামৰ যুৱতীগৰাকী এমাহ আগতে মুছলমান যুৱক দিলদাৰ আনছাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দুয়োৱে ঘৰৰ পৰা পলাই গৈছিল আৰু বিয়া হৈছিল। দিলদাৰৰ দ্বিতীয় বিবাহ আছিল৷ প্ৰথম পত্নী চাৰেজা খাতুনেও দিলদাৰৰ ঘৰত বাস কৰিছিল।
ৰেবিকা পাহাৰিয়া জনজাতিৰ আছিল৷ ৰেবিকাৰ ৫ বছৰীয়া সন্তানো আছে৷ ৰাজীৱ মাল্টো নামৰ এজন যুৱকৰ সৈতে লিভ-ইন সম্পৰ্কত বাস কৰাত জন্ম হৈছিল সন্তানটো। এই ক্ষেত্ৰত আৰক্ষীয়ে জেৰাৰ পিছত দিলদাৰকে ধৰি মুঠ ১০ জন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।
চাহেবগঞ্জৰ ডিআইজি সুদৰ্শন মণ্ডলে কয় যে ১৬ ডিচেম্বৰৰ নিশা ৰেবিকাক হত্যা কৰা হৈছিল। প্ৰথম দৃষ্টিত স্বামী দিলদাৰে হত্যা কৰাৰ কথা পোহৰলৈ আহে৷ অৱশ্যে, কেইদিনমান আগতে স্থানীয় বোৰিঅ’ আৰক্ষী থানালৈ আহি পত্নী সন্ধানহীন বুলি এজাহাৰ দাখিল কৰিছিল দিলদাৰে৷ ৰেবিকাক ষড়যন্ত্ৰ কৰি পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। শৰীৰৰ অংশ ওচৰৰ অংগনৱাড়ী কেন্দ্ৰত পেলাই দিয়া হৈছিল।
ৰেবিকাৰ গাঁও গোদা পাহাৰ ৰাঁচী জিলাৰ সদৰৰ পৰা প্ৰায় ৪০৩ কিলোমিটাৰ দূৰত৷ বোৰিঅ আৰক্ষী থানাৰ পৰা ১৩ কিলোমিটাৰ দূৰত ঘৰ ৰেবিকাৰ। প্ৰায় তিনি কিলোমিটাৰ পৰ্বত আৰোহণ কৰাৰ পিছত দুৰ্গম গাওঁখনৰ আত্মীয় আৰু মহিলাসকল ঘৰৰ চোতালত উপস্থিত হৈছিল আৰক্ষী৷ ৰেবিকাৰ পাঁচ বছৰীয়া কন্যা ৰিয়াই কান্দি থকা দেখা পাইছিল আৰক্ষীয়ে৷