Local, Vocal, Global

দালাল আজিদুল ইছলামৰ দুৰ্নীতিৰ পৃষ্ঠা;এটা ৰাতিত হৈ পৰিল কোটিপতি

ধুবুৰী,৪ছেপ্তেম্বৰ : দালাল আজিদুল ইছলামৰ দুৰ্নীতিৰ পৃষ্ঠা। আজিদুল ইছলামে দুখীয়া কৃষকক আলাদিনৰ চাকি বনাইছে।

এটা ৰাতিত হৈ পৰিল কোটিপতি ।

ৰাজ্যত থকা ৰাষ্ট্ৰীয় ঘাইপথ সমুহৰ চাৰিলেনযুক্ত নিৰ্মান কাৰ্য চলি আছে। এই চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে বহু মাটিৰ প্ৰয়োজন হৈছে। আৰু ইয়াৰ বাবে চৰকাৰে বহু কৃষকৰ মাটি অধিগ্ৰহণ কৰিছে। কিন্তু ইয়াতেই যেন সাপৰ মুখত ফৰিং পৰিছে ।

মাটি অধিগ্ৰহণৰ নামত মধ্যভূগি দালালৰ মাষ্টাৰ মাইণ্ড আজিদুল ইছলামৰ entry । গছ পুলি ৰুপন কৰা এই মাটি খিনি চৰকাৰে পথ নিৰ্মাণৰ নামত অধিগ্ৰহন কৰিছে। কিন্তু এই মাটি খিনি এই জন আজিদুল ইছলামে নিজৰ বুলি দখলদাৰী দেখুৱাই কৌটি টকা শৰাধ কৰিলে দুখীয়া কৃষকৰ। কৃষকৰ মাটিত ৰোপন কৰা গছ পুলি নিজৰ দখলদাৰী দেখুৱাই ইতিমধ্যে কৌটি টকা শৰাধ কৰা আজিদুলে আকৌ দিলে কৃষকক ৰামঠগন। তিনি মাহ পূৰ্বে সহজ সৰল কৃষক সকলক প্ৰলোভন দেখুৱাই চেক প্ৰদান কৰি বগা কাগজত চহী কৰাই লৈছিল এইজন ধুৰন্ধৰ আজিদুলে।

পিছে চেকত নাই টকা । বেংকত চেক জমা দিয়াত চেক বাউন্চ আৰু তাৰপাছতেই এতিয়া মূৰে কপালে হাত দিছে ভূক্তভূগিয়ে কৃষকে।

এইজন ধুৰন্ধৰ আজিদুলৰ কাহিনা ইয়াতেই শেষ হোৱা নাই। আজিদুলৰ আছে এক বৃহত গেং ।

ধুবুৰী জিলাৰ একাংশ বিষয়াৰ সৈতে মোটা অংকৰ বুজাবুজিৰে সংঘটিত কৰিছে আন এক জালিয়াতি। মন কৰক এই সমূহ দলিল, য’ত স্বাক্ষৰিত হৈছে চুক্তি আজিদুল আৰু একাংশ কৃষকৰ মাজত।

অসমত ইতিমধ্যে মেনুৱেল দলিল বন্ধ হৈছে । কিন্তু এইজন ধুৰন্ধৰ আজিদুলে । অসম্ভৱক সম্ভৱ কৰিব পাৰে ।

অসম্ভৱক সম্ভৱ কৰি চুক্তি স্বাক্ষৰিত হ’ল ২০২৪ চনত মেনুৱেল দলিলত। চাওঁক নটাৰীৰ চহী সহ তাৰিখ স্পষ্ট। ইয়াৰ উপৰি দলিলত স্পষ্ট হৈ পৰিছে চহী জালিয়াতিৰ। দলিলত কম্পিউটাৰ জৰিয়তে কপি পেষ্ট কৰা চহীৰে চুক্তি সম্পাদন কৰি আমিৰ হুছেইন, ইক্ৰামুল হুছেইন, আবুল কালাম আজাদ আৰু আলতাপ হুছেইনৰ পৰিয়ালৰ টকাও কৰিলে আত্মসাৎ। চাপৰৰ জালিকুৰা গাঁৱৰ পৰা নিৰীহ লোকৰ প্ৰায় দুই কৌটি টকা আত্মসাৎ কৰাৰ অভিযোগ ধুৰন্ধৰ এইগৰাকী আজিদুলৰ বিৰুদ্ধে।

মুখ্যমন্ত্ৰীয়ে দালালৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পাছতো ।নিৰীহৰ ওপৰত দানৱ পৰা দি ৰামঠগন দিছে আজিদুল ইছলামে। এই সংক্ৰান্তত পূৰ্বে বাতৰি সম্প্ৰচাৰণ হোৱাৰ পিছতো কিয় আজিলৈ ধুবুৰী জিলা আয়ুক্তই এই বিষয়ত তদন্তৰ ঘোষণা নকৰিলে এয়াও ৰহস্যৰ আৱদ্ধত!

নে সৎ সাহসৰ অভাৱ হৈছে নেকি ধুবুৰী জিলা প্ৰশাসনৰ! এই কেলেংকাৰিত সৈতে কোন কোন বিষয়া জড়িত!

ধুবুৰী জিলাৰ অতিৰিক্ত আয়ুক্ত এগৰাকীৰ তত্বাবধানত চলিছে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ মাটি অধিগ্ৰহণৰ কাম।মাটি,শস্যৰ জৰীপ কৰা জিৰাট কমিটিৰ ওপৰত ও আহি পৰিছে বহু প্ৰশ্ন? জিৰাট কমিটিৰ ছত্ৰছায়াত সংঘটিত হৈছে নেকি এই কৌটি টকাৰ কেংলেকাৰী! উল্লেখযোগ্য যে যে টকা উঠাই লোৱাৰ পিছত এ পথাৰৰ পৰা নাইকীয়া হ’ল গছপুলি। একে নিশাৰ ভিতৰত এইগৰাকী আজিদুলৰ নেতৃত্বত লৈ গ’ল কৌটি টকাৰ গছপুলি।

আমি পৰৱৰ্তী প্ৰতিবেদনত এইজন ধুৰন্ধৰ আজিদুলৰ লগত কোন কোন বিষয়া কৰ্মচাৰী জড়িত আছে সেইয়াও তথ্যসহ কাৰে ফাদিল কৰিম।

লগতে পঢ়ক :Chirang Gang Rape case : চিৰাঙত ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ