Local, Vocal, Global

তোমাৰ নাম কি?সকলোতে কিয় এই হৰ্ডিং!ইয়াৰ আঁৰৰ কাহিনী কি?

নিউজ ডেস্ক,১০ডিচেম্বৰ : মানে কি এইটো ?সকলোতে কিয় এই হৰ্ডিং!ইয়াৰ আঁৰৰ কাহিনী কি?
আপুনিও নিশ্চয় এই হৰ্ডিং দেখিছে ?ছচিয়েল মিডিয়াতো এই হৰ্ডিংক লৈ বহুতৰ প্ৰশ্ন কোন হয় তেওঁ। ক’ত লুকাই আছে । কিয় নামটো কৈ নিদিয়ে । আচলতে এয়া হয় কি? যি ফালেই চাব সেইফালেই দেখিব ‘তোমাৰ নাম কি?’। নিশ্চয়কৈ এই বাকীশাৰী লিখা পোষ্টাৰ বা হৰ্ডিং আপুনিও দেখিছে। গুৱাহাটী মহানগৰীৰ চৌদিশে এতিয়া এই হৰ্ডিঙে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। যিফালেই চাব সেইফালেই দেখিব ‘তোমাৰ নাম কি?’। ইয়াক লৈ মানুহৰ মনত প্ৰশ্নৰো উদয় হৈছে।

আচলতে এয়া হয় কি?ছচিয়েল মিডিয়াতো এতিয়া এই হৰ্ডিং। সকলোৱে সুধিছে এয়া কিহৰ বিজ্ঞাপন? ইয়াক লৈ মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে। কেইদিন মান পূৰ্বে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাস্থিত আছুৰ শ্বহীদ বেদী আৰু চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ দেৱালত কোনোবা আচিনাক্ত লোকে লগালে এই হৰ্ডিং তোমাৰ নাম কি । কোনে এই কাম কৰিলে ইয়াক লৈ ক্ষভিত আছু। ২৪ ঘন্টাৰ ভিতৰত উক্ত কাৰ্য্যৰ লগত জড়িত লোকক ক্ষমা খোজাৰ দাবী জনালে । ক্ষমা নখুজিলে আইনৰ কাষ চাপিম বুলিও কয়।

আগৰতলা পৌৰ নিগমে এজন ব্যক্তিক ‘তোমাৰ নাম কি?’ বাক্যাংশ থকা হৰ্ডিং অনুমতি অবিহনে লগোৱাৰ বাবে ৪ লাখ ৫০ হাজাৰ টকা জৰিমনা বিহিছে। এই ৰহস্যজনক বিজ্ঞাপনৰ প্ৰচাৰ আগৰতলাতো চলিছিল।

এ এম চিৰ মেয়ৰ দীপক মজুমদাৰে কয়, ‘‘দীৰ্ঘ সময়ত ধৰি আমি কোনো প্ৰতিষ্ঠানৰ নাম নোলোৱাকৈ এনেধৰণৰ পোষ্টাৰ লক্ষ্য কৰিছো। ই মানুহৰ মনত কৌতুহল আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। যেতিয়া বিষয়টো ভাইৰেল হ’ল, আমি ইয়াৰ উৎস নিৰ্ধাৰণ কৰিবলৈ এক অনুসন্ধান কৰিছিলো আৰু ইয়াৰ অনুমতি আছেনে নাই সেয়া চাইছিলো।’’তোমাৰ নাম কি? যদিহে আপুনি গুৱাহাটী নাইবা আন চহৰৰ বাসিন্দা, তেন্তে নিশ্চয়কৈ এই বাকীশাৰী লিখা পোষ্টাৰ বা হৰ্ডিং দেখিছে। গুৱাহাটী মহানগৰীৰ চৌদিশে এতিয়া এই হৰ্ডিঙে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। যিফালেই চাব সেইফালেই দেখিব ‘তোমাৰ নাম কি?’। ইয়াক লৈ মানুহৰ মনত প্ৰশ্নৰো উদয় হৈছে। আচলতে এয়া কি? ছচিয়েল মিডিয়াতো এতিয়া এই হৰ্ডিং। সকলোৱে সুধিছে এয়া কিহৰ বিজ্ঞাপন? অৱশ্যে এতিয়ালৈ ইয়াৰ ৰহস্য ফাদিল হোৱা নাই।

লগতে পঢ়ক :Five cow thieves detained:চতিয়াত পাঁচটাকৈ গভাইত গৰু চোৰ আটক