তিতাবৰৰ ৰঙাজানত কৃষকৰ হাহাকাৰ ! উন্নত প্ৰজাতিৰ ধানৰ নামত ওলাইছে পতান
তিতাবৰ,১৩জুন : তিতাবৰৰ ৰঙাজানত কৃষকৰ হাহাকাৰ! উন্নত প্ৰজাতিৰ ধানৰ নামত ওলাইছে পতান
তিতাবৰস্থিত ধান গৱেষণা কেন্দ্ৰৰ পৰা উন্নত মানৰ ধানৰ বীজ ক্ৰয় কৰি বিপদত তিতাবৰৰ কেইবাজনো কৃষক। উন্নত প্ৰজাতিৰ ধানৰ নামত ওলাইছে পতান। তিতাবৰৰ ৰঙাজানত কৃষকৰ হাহাকাৰ। তিতাবৰৰ কৃষি গৱেষণা কেন্দ্ৰৰ ধানৰ বীজ লৈ বিপদত পৰিছে এতিয়া কৃষক।
জানিব পৰা মতে, তিতাবৰৰ ৰঙাজানৰ কেইবাজনো কৃষকে উন্নত মানৰ ধানৰ বীজ ক্ৰয় কৰিছিল তিতাবৰৰ কৃষি গৱেষণা কেন্দ্ৰৰ পৰা। বিজ্ঞানী সকলে ঘোষণা কৰা অনুযায়ী অন্যায়ৰ তুলনাত যথেষ্ট উন্নত প্ৰজাতিৰ আছিল নুমলী নামৰ ধানবিধ। কিন্তু সেই উন্নত প্ৰজাতিৰ বীজেৰে কৃষি কৰ্মত নামিব বিচৰা কৃষকে এতিয়া মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। কেইবাজনো কৃষকে কঠিয়া সিঁচাৰ পাছতো নোলাল কঠীয়াৰ বীজ।
যাৰ ফলত নিৰূপায় হৈ পৰিছে কৃষক ৰাইজ। বছৰ বছৰজোৰা গৱেষণাৰ অন্তত বিজ্ঞানী সকলে কেইবাপ্ৰকাৰৰো ধান উদ্ভাৱনেৰে চমক সৃষ্টি কৰি আহিছে তিতাবৰৰ কৃষি গৱেষণা কেন্দ্ৰই। কিন্তু বাস্তৱ ক্ষেত্ৰত সেই উদ্ভাৱনে কৃষক সমাজক কিবা উন্নতি সাধন কৰিছেনে? উন্নত জাতৰ নুমলীৰ দৰে ধানৰ বীজে তিতাবৰস্থিত ধান গৱেষণা ৰপ্ৰকৃত ছবিখন উদঙাই দিছে।
লগতে পঢ়ক : Schools in Kamrup (M) District Directed to Postpone Exams During Ambubachi Mela : অম্বুবাচী মেলাক লৈ কামৰূপ মহানগৰ জিলা শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা