Local, Vocal, Global

তাই আৰু নাহে উভতি, ইনষ্টা ৰাণী সুন্দৰী লীনাই এয়া কৰিলে কি?

ছ’চিয়েল মিডিয়াৰ কণ্টেণ্ট ৰাইটাৰ হিচাপে কৰ্মৰত এগৰাকী সুন্দৰী মহিলাই আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত৷ ছত্তীছগড়ৰ ৰায়গড় জিলাত আত্মহত্যা কৰে যুৱতীগৰাকীয়ে৷ ২২ বছৰীয়া লীনা নাগবংশীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে৷ ছত্তীছগড় আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰায়গড় জিলাৰ চক্ৰধৰ নগৰ আৰক্ষী থানা অঞ্চলৰ বাসিন্দা আছিল লীনা নাগবংশী।

ইনষ্টাগ্ৰামত লীনাৰ বহু ফলৱাৰ আছে৷ শেহতীয়াকৈ পোষ্ট কৰা বহু ভিডিঅ’ জনপ্ৰিয় হৈছে৷ আত্মহত্যাৰ সময়ত লীনা ঘৰত অকলে আছিল। ঘটনাস্থলীৰ পৰা চুইচাইড নোট উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত চলি আছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰা হয়।