Local, Vocal, Global

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী নতুন সচিবালয় উদ্বোধন

ডিব্ৰুগড়,৭ছেপ্তেম্বৰ : উজনিলৈ মুখ্যমন্ত্ৰীৰ উপহাৰ । ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নতুন দৰবাৰ।

ৰাজ্য প্ৰশাসন ব্যৱস্থাত এক নতুন যুগৰ সূচনা কৰি শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় উদ্বোধন কৰে । ইয়াৰ সৈতে দিছপুৰৰ পিছত, ডিব্ৰুগড় অসমৰ দ্বিতীয়টো স্থানত পৰিণত হয়, য’ত মুখ্যমন্ত্ৰীৰ সচিবালয় স্থাপন কৰা হৈছে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, বিমল বড়া, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সচিবালয় উদ্বোধন কৰে।

উত্তৰ আৰু উজনি অসম অঞ্চলত সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে, ডিব্ৰুগড়ত নতুন মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মাহত কমেও চাৰিদিন কাম কৰিব । নতুন মুখ্যমন্ত্ৰী কাৰ্যালয় স্থাপনৰ মুখ্য উদ্দেশ্য হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা আৰু প্ৰশাসনিক কাৰ্যকলাপৰ সন্দৰ্ভত অঞ্চলটোৰ লোকসকলে ৰাজ্যৰ আনটো মূৰত অৱস্থিত দিছপুৰলৈ ভ্ৰমণ নকৰাকৈ তেওঁলোকৰ সম্পৰ্কিত সমস্যাবোৰ সমাধান কৰা ।

এতিয়ালৈকে উজনি অসমৰ মানুহে তেওঁলোকৰ বিভিন্ন কামৰ বাবে দিছপুৰলৈ যাবলৈ ৫০০-৫৫০ কিলোমিটাৰ যাত্ৰা কৰিব লগা হৈছিল, কিন্তু এতিয়া কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকৰ কামবোৰ এই নতুন কাৰ্যালয়ৰ জৰিয়তে সমাধা কৰা হ’ব ।

লগতে পঢ়ক :ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছে একাংশ ভুৱা ফাৰ্মাচী