জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীক সাহিত্য অকাডেমী বঁটা
বছৰটোৰ শেষত ৰাজ্যখনৰ সংবাদ জগতলৈ আহিছে এক ভাল খবৰ৷ ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীক প্ৰদান কৰা হৈছে সাহিত্য অকাডেমী বঁটা৷ বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে। ১৯৬২ চনত নগাঁৱত গোস্বামীৰ জন্ম হৈছিল৷ নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পঢ়া কালৰ পৰা লিখা-মেলা কৰি গৈছিল গোস্বামীয়ে৷ গোস্বামীয়ে ১৯৮৬ চনত সাংবাদিকতা কৰাৰ পূৰ্বে তিনি বছৰ শিক্ষকতা কৰিছিল৷ অসমৰ বিভিন্ন পৰিস্থিতিৰ প্ৰতিক্ৰিয়াস্বৰূপে গোস্বামীয়ে চুটি গল্প সংকলনৰ এটা শৃংখলা প্ৰকাশ কৰিছিল৷ কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে৷