Local, Vocal, Global

জামুগুৰিহাটত নিশা উত্তপ্ত পৰিস্থিতি; অনৈতিক কৰ্মত জড়িত যুৱকক ৰাইজৰ উত্তম মাধ্যম

জামুগুৰিহাট,১০ছেপ্তেম্বৰ : জামুগুৰিহাটৰ পাতলৰচুক গাওঁৰ চাৰিলেণ্ড যুক্ত পথত সোমবাৰে নিশা এক বিশেষ সম্প্ৰদায়ৰ দুই যুৱক আৰু যুৱতী অনৈতিক কাৰ্যত লিপ্ত থকা মুহুৰ্ত গাওঁবাসী ৰাইজে হাতে লোটে ধৰে ।

চাৰিলেণ্ডযুক্ত পথৰ দাঁতিৰ এক পৰিত্যক্ত জংঘলত এই বিশেষ সম্প্ৰদায়ৰ দুই যুৱক আৰু দুই যুৱতী সন্ধিয়াতে সোমাই অপকৰ্মত জড়িত হৈ আছিল ৷

পিছত স্থানীয় কোনো লোকে এই দৃশ্য প্ৰত্যক্ষ কৰি চোৰ চোৰ বুলি চিঞৰাত গাওঁবাসী ৰাইজ ৰাজপথলৈ ওলাই আহি এজন যুবকক আটক কৰাৰ বিপৰীতে এজন যুবক আৰু দুই যুৱতীক উলংগ অৱস্থাত জংঘলৰ মাজেৰে পলাই যাবলৈ সক্ষম হয় ৷আটকাধীন যুৱকজনক ৰাইজে উত্তম মাধ্যম সোধাই জামুগুৰি আৰক্ষীক যুৱকজনৰ দুখন মটৰ চাইকেল গটাই দিয়ে ৷

অনৈতিক কাৰ্যত জৰিত আটাইৰে ঘৰ তেজপুৰ দোলাবাৰীৰ বুলি জানিব পৰা গৈছে ৷ মন কৰিবলগীয়া যে, জামুগুৰিহাটৰ বিভিন্ন গাওঁত যোৱা কিছুদিন ধৰি একাংশ অচিন মুখৰ যুৱকে গঞা জীয়ৰী বোৱাৰীৰ পৰা চেইন চোৰ,বেগ চোৰ, গৰুচোৰকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰে ৰাইজক অতিষ্ঠিত কৰি আহিছে ৷

বাৰেচহৰীয়া ভাওনা খ্যাত তথা শংকৰী সংস্কৃতিৰে ভৰা অসমীয়া মানুহৰ এই ভৰা গাওঁত একাংশ বিশেষ সম্প্ৰদায়ৰ মানুহে যোৱা কিছুদিন ধৰি সঘনাই চলাই অহা এই অসামাজিক কাৰ্যকলাপত অতিষ্ঠিত হৈ আজি সন্ধিয়া সহস্ৰাধিক ৰাইজ ৰাজপথলৈ ওলাই অহাও পৰিলক্ষিত হয় ৷ আৰক্ষী প্ৰশাসনৰ ওচৰত ৰাইজৰ দাবী জনাই যে অঞ্চলবাসী ৰাইজক উচিত নিৰাপত্তা প্ৰদান নকৰিলে এদিন ভয়ংকৰ পৰিৱেশ সৃষ্টি হোৱাটো নিশ্চিত ৷

লগতে পঢ়ক :Massive Eviction Drive in Cachar :বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ