জলজীৱনক লৈ শংকিত জীৱন!
ৰঙিয়া,২৮মাৰ্চ : জলজীৱনক লৈ শংকিত জীৱন!
পোক-পতংগৰে ভৰা পানী টেংকিয়ে উদ্বিগ্ন কৰিছে ৰাইজক ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আঁচনি জলজীৱন মিছনৰ নামত কি খাইছে আপুনি। ঘৰে ঘৰে আছে নল কিন্তু নাই জল। জলজীৱন মিছনৰ বিজ্ঞাপনৰ নামত চৰকাৰে কৌটি কৌটি টকা খৰচ কৰি আহিছে কিন্তু বাস্তৱ ক্ষেত্ৰত কিমান সফল হৈছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰি বিভাগ।
ৰঙিয়াৰ সমিপৰ চেনীমাৰা পানী যোগান আঁচনিৰ কদৰ্যময় পৰিবেশে উদঙালে চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ। দীৰ্ঘদিনে অচল হৈ থকা এই পানী যোগান আঁচনিতোত ৰাইজৰ দাবীত পানী যোগান ধৰি আহিছে যদিও সেই পানী খোৱাৰ বাবে উপযোগী নহয়। কিয়নো পোক পতংগৰে ভৰি আছে পানীৰ টেংকিতো।
বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এতিয়া এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। যাৰ ফলত বছৰ বছৰ ধৰি আইৰন যুক্ত পানী ব্যৱহাৰ কৰিব লগা হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজে। অতি শীঘ্ৰেই অঞ্চলটোত পানী যোগান ধৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।
লগতে পঢ়ক : অৰুণাচলৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ইখনৰ পাছত সিখন আসন বিজেপিৰ দখললৈ!