Local, Vocal, Global

চৰাইদেউত স্বনির্ভৰ নাৰী আঁচনিৰ শুভাৰম্ভ

মৃত্যুঞ্জয় দাস, সোণাৰিঃ নাৰী সবলীকৰণৰ বাবে অসম চৰকাৰৰ ২০২১-২২ বর্ষৰ বাজেটত ঘোষণা কৰা অনুসৰি ৰূপায়ন কৰা স্বনির্ভৰ নাৰী আঁচনিৰ আজি চৰাইদেউ জিলাত শুভাৰম্ভ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। সোণাৰি স্থিত চৰাইদেউ জিলা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যালয়ত এই উপলক্ষে আজি এক সভাৰ আয়োজন কৰা হয়।

বিভাগীয় পৰিদৰ্শক প্রীতিমা চাংমাইয়ে আঁতধৰা সভাৰ আৰম্ভণিতে আঁচনিখনৰ অন্তৰ্গত স্থাপন কৰা শিপিনী সকলৰ বস্ত্ৰ ক্ৰয় কেন্দ্ৰটো অনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সাংসদ তপন কুমাৰ গগৈয়ে। সভাত সাংসদ গগৈৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই ভাষণ দিয়ে। সভাত সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ আৰু জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাছা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।