Local, Vocal, Global

চৰকাৰে চম্পাৱতী নৈত নিৰ্মাণ কৰা শিলৰ বান্ধে বিপদ মাতিছে দাঁতি-কাষৰীয়া গাঁৱসমূহলৈ

চাপৰ,৯জুন : চৰকাৰে চম্পাৱতী নৈত নিৰ্মাণ কৰা শিলৰ বান্ধে বিপদ মাতিছে দাঁতি-কাষৰীয়া গাঁৱলৈ । শিলৰ বান্ধৰ পৰা শিল খহি জাহ গৈছে চম্পাৱতী নৈত। অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জালিকুৰা গাঁৱৰ গাতে লাগি থকা চম্পাৱতী নৈত কেই বছৰ মান পূৰ্বে শিলৰ বান্ধ নিৰ্মাণ কৰিছিল। দিন উকলি যোৱাৰ লগে লগে শিলৰ বান্ধৰ শিলবোৰ লাহে লাহে চম্পাৱতী নৈত জাহ যোৱাৰ ফলত দাঁতি-কাষৰীয়া গাঁৱৰ ৰাইজৰ নিদ্ৰা হৰণ হৈছে। বাৰিষাৰ প্ৰাক মূহুৰ্তত এতিয়া চিন্তিত হৈ পৰিছে গাওঁবাসী।

পূৰ্বতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি চম্পাৱতী নৈত জাহ গৈছিল যদিও শিলৰ বান্ধ দিয়াৰ পিছত গাওঁবাসীয়ে অলপ আশাৰ ৰেঙনি দেখিছিল কিন্তু নিম্নমানৰ কাম কৰাৰ বাবে এতিয়া পুনৰ বিপদৰ আগজাননী পাই আছে বুলি মন্তব্য প্ৰদান কৰে গাঁৱৰ ৰাইজে। জিলা প্ৰশাসন আৰু বিভাগীয় কতৃপক্ষক উক্ত বান্ধসমূহ পুনৰ মেৰামতি কৰিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজে।

লগতে পঢ়ক : Bridge connecting Assam-Arunachal border collapses : অসম-অৰুণাচল সীমান্তৰ মানশ্ৰী নৈৰ সোঁতে উটুৱাই নিলে মানশ্ৰী-চাৰিদুৱাৰ হৈ ৰঙাপৰা সংযোগী দলঙৰ এটা অংশ; ব্যাহত যাতায়ত ব্যৱস্থা