Local, Vocal, Global

চৰকাৰী চিকিৎসালয় আছে ;কিন্তু চিকিৎসক নাই

মেৰাপানী,২৫জুলাই : চৰকাৰী চিকিৎসালয় আছে । কিন্তু চিকিৎসক হে নাই

অসম ৰাজ্যখনত এতিয়া উন্ননৰ বন্যা বৈছে।এই কথা মন্ত্ৰী আমোলাৰ মুখত সঘনাই শুনিবলৈ পোৱা আৰু উন্ননৰ বন্যা এনেকৈ বৈইছে।

এখন চৰকাৰী চিকিৎসালয়। এই চিকিৎসালয়খনে উদঙাইছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপৰ কথা। ২০১৫ চনতেই নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈছে এইখন চিকিৎসালয়ৰ।

কিন্তু দুখৰ কথা যে এইখন চিকিৎসালয়ত নাই এজনো চিকিৎসক।কেৱল চিকিৎসকে নহয়,নাই নাৰ্চ কৰ্মচাৰীও।চিকিৎসালয়ৰ প্ৰদৰ্শনী তথা ওমলা ঘৰলৈ পৰিনত হোৱা এই চিকিৎসালয়খন চোৱা চিতাৰ দায়িত্ব পালন কৰি আহিছে মাত্ৰ এজন অস্থায়ী কৰ্মচাৰীয়ে । চিকিৎসাৰ যাৱতীয় সা-সামগ্ৰী সকলো যোগান ধৰাৰ পাছতো আজি তাৰিখলৈকে চিকিৎসালয় খনত এজনো চিকিৎসক দিৱ নোৱাৰিলে স্বাস্থ্য বিভাগে।

ATTENTION স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া

আপুনি এই চিকিৎসালয়খন পৰিদৰ্শন কৰি প্ৰতিশ্ৰুতি দিছিল চিকিৎসক নিযুক্তি দিয়াৰ কথা

কিন্তু প্ৰতিশ্ৰুতি মাথো বক্তৃতাৰ ফুলজাৰীতেই সীমাবদ্ধ হৈ ৰ’ল

ৰাইজৰ অভিযোগ এই চিকিৎসালয়খনলৈ নিযুক্তি দিয়া চিকিৎসক কৰ্মচাৰী সকলে অন্য চিকিৎসালয়ত কৰ্মৰত হৈ আছে । যাৰ বাবে আজি দীৰ্ঘদিনেই সাধাৰণ জনতাই কষ্ট ভোগ কৰি আহিৱ লগা হৈছে । অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ইমান টকা খৰছ কৰিও কি কাৰণে আজি তাৰিখলৈ চিকিৎসালয় খনলৈ নিদিলে চৰকাৰী ভাৱে এজনো চিকিৎসক ..? কিয় নিৰ্মান নহ’ল চিকাৎসালয় খনৰ চৌহদৰ পকী বেৰা ? আমাৰ এই বাতৰিৰ পাছত স্বাস্ত্য বিভাগে কি পদক্ষেৰ গ্ৰহন কৰে সেইয়া হে লক্ষনীয় হব। এই দৃশ্য হৈছে মেৰাপানীৰ ১নং ওপৰ তৰাণী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ।

লগতে পঢ়ক : Youth suspected suicide in Brahmaputra River : সন্ধানহীন যুৱক; ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহননৰ সন্দেহ