চৰকাৰলৈ বাট নাচায় মথাউৰি মেৰামতিত নামিল ৰাইজ
কামপুৰ,১৩জুলাই : চৰকাৰলৈ বাট নাচায় মথাউৰি মেৰামতিত নামিল ৰাইজ । পাক বিলত মাছ পুহি বৰপানী নদীৰ চিঙা মথাউৰি মেৰামতি কৰিলে কচুৱাৰ পমিলাৰ ৰাইজে ।
চৰকাৰলৈ বাট নাচাই ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ মাধৱপাৰা গাওঁ পঞ্চায়তৰ পমিলা জাৰনীৰ চিঙা মথাউৰি মেৰামতিত নামিল ৰাইজ ৷ অঞ্চলটোৰ পাক বিলত মাছ পুহি বিক্ৰী কৰি পোৱা ৬০ হাজাৰ টকাৰে মথাউৰি নিৰ্মাণত নামি নজিৰ ৰাখিছে ৰাইজে।
উল্লেখ্য যে এইবাৰৰ প্ৰথমটো বানতেই পমিলা জাৰনীৰ বৰপানী নদীৰ মথাউৰি চিঙিছিল ৷ চিঙা খালেদি পানী সোমাই পমিলা জাৰনী, আলিবস্তি, প্ৰমিলাআটি ,কাঠনি ,গৰঙাআটি ,শিমলুগুৰিকে আদিকৰি বিশখন গাঁৱৰ কৃষকৰ সপোন চূড়মাৰ কৰি পেলাইছিল ৷ উক্ত খালটো নিৰ্মান নকৰিলে কেইবা হেজাৰ হেক্টৰ শালি খেতি হোৱাৰ কোনো বিকল্প নাছিল ৷ যাৰ ফলত আজি শতাধিক ৰাইজে হাতে কামে নিৰ্মানৰ কামত লাগি গৈছে ৷ অহা দুদিনৰ ভিতৰত নিৰ্মানৰ কাম সমাপ্ত কৰিব পাৰিব বুলি স্থানীয় লোকে জানিব দিছে ৷
লগতে পঢ়ক : Old Saraighat Bridge temporarily closed for repairs : দুদিনৰ বাবে বন্ধ পুৰণি শৰাইঘাট দলং