Local, Vocal, Global

চেঙেলীয়াঝাৰত ষ্টেচনাৰী দোকানত নিশা চুৰিকাণ্ড

ছিপাঝাৰ,১৫জুলাই : দেওবাৰে নিশা ছিপাঝাৰৰ চেঙেলীয়াঝাৰ বজাৰ চ’কত থকা এখন ষ্টেচনাৰী দোকানাৰ যোৱা নিশা তলা ভাগি কেইবাহাজাৰ টকাৰ সা-সামগ্ৰীৰ লগতে নগদ ধনো চোৰে  চুৰি কৰি লৈ যায়।

ঘটনা বিৱৰণি অনুসৰি কুমাৰপাৰা গাঁৱৰ নেকিউৰ ৰহমানৰ বিভিন্ন সা-সামগ্ৰী থকা ষ্টেচনাৰী দোকানখনত নিশা চাৰ্টাৰত লগোৱা তলা ভাগি সোমাই ভিতৰৰ বেৰত লগোৱা গ্লাছ ভাগি বহু হেজাৰ টকাৰ সামগ্ৰীৰ লগতে দয়াৰত থকা কেইবা হাজাৰ টকাও লৈ উধাও হয়।

ইয়াৰে দুই এপদ সামগ্ৰী পথৰ দাঁতিত পেলাই থৈ যায় বুলি প্ৰকাশ।ঘটনা সন্দৰ্মত পৰীয়ালৰ লোকে স্থানীয় বুঢ়া আৰক্ষী চকীত এজাহাৰ দিয়াত আৰক্ষীয়ে পুৱাতেই উপস্থিত তদন্ত চলোৱা বুলি প্ৰকাশ। ৰাইজে আৰক্ষীয়ে জৰুৰী তদন্ত ব্যৱস্থা গ্ৰহন কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে।

লগতে পঢ়ক : Road Accident in Nalbari : জ্যোতি সংগীতৰ শিল্পীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত