Local, Vocal, Global

চিপ লৈ থকা অৱস্থাত অভিনেত্ৰী তিউনিশা শৰ্মাৰ মৃতদেহ উদ্ধাৰ

টিভি অভিনেত্ৰী তিউনিশা শৰ্মাৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে৷ ধাৰাবাহিকৰ ছেটত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়৷ ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

থানে জিলাৰ ভালিভ আৰক্ষীৰ জ্যেষ্ঠ পৰিদৰ্শক কৈলাশ বাৰ্ভে তিউনিশা শৰ্মাৰ মৃত্যু নিশ্চিত কৰিছে। আবেলি প্ৰায় ৪ বজাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু মৃত ঘোষণা কৰা বুলি কয় আৰক্ষী বিষয়া বাৰ্ভে। শ্বুটিঙৰ পৰা বহু সময় বিৰতি আছিল তিউনিশা শৰ্মা৷ শ্বুটিং স্পটত উপস্থিত নোহোৱাত কিছু লোকে দুৱাৰ খোলাত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল।