ঘৰত কান্দি কান্দি কৰিছিল ফোন, অৰণ্যত মহিলা ক্ৰিকেটাৰৰ মৃতদেহ উদ্ধাৰ

এগৰাকী মহিলা ক্ৰিকেটাৰৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে ওড়িশাত৷ ওড়িশাত গভীৰ অৰণ্যত মহিলা ক্ৰিকেটাৰৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। শুকুৰবাৰে কটক জিলাৰ আথাগড়ত অৰণ্যত মৃতদেহ উদ্ধাৰ হয়। যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছিল ২২ বছৰীয়া ৰাজশ্ৰী সোয়াইন৷
পুৰী জিলাৰ বাসিন্দা ৰাজশ্ৰী ১১ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল। ৰাজশ্ৰীয়ে ক্ৰিকেট প্ৰশিক্ষকৰ শিবিৰত উপস্থিত থাকিবলৈ কটকলৈ গৈছিল। পেলেচ হোটেলত আছিল ৰাজশ্ৰী৷ পৰিয়ালে অভিযোগ কৰিছে যে এগৰাকী ভাল ক্ৰিকেটাৰ হোৱা স্বত্বেও ইচ্ছাকৃতভাৱে ১০ দিনীয়া বাছনি ৰাউণ্ডৰ পৰা বাদ দিয়া হৈছিল। ৰাজশ্ৰীৰ পৰিয়ালৰ সদস্যসকলে দাবী কৰিছিল হতাশাত আছিল ৰাজশ্ৰী৷
ৰাজশ্ৰীৰ ভগ্নীয়ে সংবাদ মাধ্যমক কয় যে মোক কান্দি কান্দি ফোন কৰিছিল। কিয়নো তেওঁক দলৰ পৰা বাদ দিয়া হৈছিল। মই শান্ত কৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু ফোন কাটি দিছিল। তেতিয়া মই মাক কৈছিলো। কিন্তু তেতিয়াৰ পৰা ফোনটো বন্ধ হৈ আছিল।
ৰাজশ্ৰীৰ মাতৃয়ে অভিযোগ কৰি কয় যে জীয়ৰী নিৰুদ্দেশ হোৱা স্বত্বেও ক্ৰিকেট প্ৰশিক্ষকৰ শিবিৰৰ আয়োজকসকলে একো পদক্ষেপ লোৱা নাছিল। ৰাজশ্ৰীৰ মাতৃয়ে প্ৰশিক্ষকৰ সৈতে যোগাযোগ কৰিছিল তেতিয়া সন্ধানহীন হৈ আছিল বুলি জনাইছিল।