Local, Vocal, Global

গৰীৱৰ তেজ শুহি খোৱাৰ ফান্দ পাতি সাগৰ পৰিছিল বিপদত, কোনোমতে প্ৰাণ ৰক্ষা

শূন্য সহনশীলতাৰ কথা চৰকাৰৰ দিনতে এতিয়া চৌদিশে চলিছে দালালৰাজ৷ সেইখন চৰকাৰৰ দিনতে এতিয়া ঘোচ নিদিলে একো কামকে নহয়৷
এইবাৰ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ আঁচনিৰ ঘৰ প্ৰদানৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে দক্ষিণ কামৰূপৰ বকোত৷ গৰুৰ দালাল, মাটিৰ দালালৰ দৰেই গৰীৱ, দৰিদ্ৰৰ তেজ শুহি খোৱা ব্লেকমেইলাৰ সাগৰ আলীয়ে চলাইছে ঘৰ দিয়াৰ নামত বৃহৎ বজাৰ৷ খণ্ড উন্নয়ন বিষয়াৰ সন্মুখতে উত্তেজিত ৰাইজে ঘেৰি ধৰিছে জবাবদিহি কৰিছে সাগৰক৷ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫১নং মাহতলী গাঁও পঞ্চায়তৰ বৰ আৰিকাটি গাঁৱৰ ৰাইজে ঘেৰি ধৰে সাগৰ আলীক৷ অভিযোগ মতে, বৰ আৰিকাটি গাঁৱৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ পৰা ১০ হাজাৰকৈ ধন দাবী কৰিছিল সাগৰে৷ যাৰ ফলত ৰাইজৰ ৰোষত পৰে দালাল সাগৰ আলী৷ দাবী কৰা ধন নিদিলে হিতাধিকাৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ ভাবুকি দি ধন দাবী কৰাৰ অভিযোগ উঠিছে সাগৰৰ বিৰুদ্ধে৷ ব্লেকমেইলাৰ সাগৰ আলীক ধন নিদিয়াৰ বাবে হিতাধীকাৰীৰ বিৰুদ্ধে মিছা অভিযোগ দিছিল বিভাগীয় কৰ্তৃপক্ষক৷ অভিযোগ পোৱাৰ পাছতে উপায়হীন হৈ খণ্ড উন্নয়ন বিষয়াই আহিল তদন্ত কৰিবলৈ৷ বিষয়াই তদন্ত কৰি থাকোতেই সাগৰ আলীৰ অভিযোগ মিছা প্ৰতিপন্ন হয়৷ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাইজৰ উগ্ৰমূৰ্তি দেখি কোনোমতে প্ৰাণৰক্ষা কৰি পলায়ন কৰে দালাল সাগৰ৷ দুখীয়াক ব্লেকমেইল কৰি ধন ঘটা সাগৰহঁতৰ কাৰ বলত বলিয়ান৷ প্ৰশাসনে কেতিয়া কঠোৰ হ’ব সাগৰহঁতৰ দৰে দালালৰ বিৰুদ্ধে?