গ্ৰন্থ মেলাৰ বাকৰিত জুৱাৰ আড্ডা!
নিউজ ডেস্ক,১০ডিচেম্বৰ: ছিঃ !বহুত লাজৰ কথা।গ্ৰন্থ মেলাৰ বাকৰিত জুৱাৰ আড্ডা!
গ্ৰন্থ বাণিজ্য মেলাৰ মঞ্চত চলি আছে গুনী জ্ঞানীৰ ভাষণ। আৰু আনফালে মেলাৰ কোনোবা এটা চোকত চলি আছে এনেদৰে জুৱাৰ আড্ডা। এফালে জ্ঞানৰ কথা আনফালে সৰ্বহাৰা
এনেকুৱা বাতৰি আপুনিও ছাগে কেতিয়াও শুনা নাছিল। গ্ৰন্ত মেলাৰ বাকৰিত জুৱাৰ আড্ডা। বৰপেটাৰ ভৈৰাগুৰী কাহিকুছি গ্ৰন্থ ওঁ বাণিজ্য মেলাৰ সুযোগত একাংশই মুকলি বাবে চলাইছে জুৱা খেলৰ ৰমৰমীয়া বেহা!হায়ৰে আমাৰ প্ৰসাশন! নিমাত বৰপেটা আৰক্ষী।
আৰক্ষীৰ জেপ গৰম হোৱাৰ কাৰণেই নিমাত নেকি নেকি ?এই বেহা বন্ধ কৰিবলৈ ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন।
বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভৈৰাগুৰী কাহিকুছি গ্ৰন্থ ওঁ বানিজ্য মেলাৰ সুযোগত মুকলিকৈ চলিছে জুৱাৰ আড্ডা।
তথাপিও যেন চকুতেই নপৰে বৰপেটা সদৰ আৰক্ষীৰ ।
স্থানীয় ৰাইজে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ শীৰ্ষ মহলক আহ্বান জনাইছে ।
ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী আৰু জুৱা খেলৰ বিৰুদ্ধে অসম আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হৈ অব্যাহত ৰাখিছে অভিযান ৷ তাৰ মাজতো একাংশ জুৱাৰীয়ে চলাই আছে জুৱা খেল । ফলত নৱপ্ৰজন্মৰ লগতে বহুতো লেকৰ বাবে মাৰাত্মক ব্যাধিত পৰিণত হৈছে এইবিধ নিষিদ্ধ খেল ৷ জুৱাৰ কৱলত পৰি ইতিমধ্যেই ধ্বংসৰ গৰাহত পৰিছে বহু যুৱক ৷ এনে এক পৰিৱেশেই বিৰাজ কৰিছে বৰপেটা জিলাৰ ভৈৰাগুৰীত। এতিয়াও উক্ত অঞ্চলটোত চলিছে মুকলি ভাবে জুৱা খেলৰ আড্ডা । জুৱা খেল অতি সোনকালে বন্ধ কৰিবলৈ আহ্বান জনাইছে সচেতন মহলৰ।